নিউজ ডেস্কঃ PRC(Permanent Resident Certificate) অৰ্থাত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰখন নিৰ্দিষ্ট ৰাজ্যৰ এজন ব্যক্তিৰ স্থায়ী বাসস্থানৰ প্ৰমাণ পত্ৰ। অসম চৰকাৰে প্ৰদান কৰা এইখন এখন গুৰুত্বপূৰ্ণ নথি। উচ্চ শিক্ষা লাভকে ধৰি কিছুমান চৰকাৰী চাকৰিত আবেদনৰ ক্ষেত্ৰত PRC বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অবিহনে আবেদন কৰিব নোৱাৰে। 

PRC ত আবেদন কৰিবলৈ হ’লে আবেদনকাৰী এজন ভাৰতীয় নাগৰিক হ’ব লাগিব, আবেদনকাৰীৰ অভিভাৱক বা পূৰ্বপুৰুষ অসম ৰাজ্যত নিম্নতম ৫০ বছৰৰ বাবে স্থায়ী বাসিন্দা হ’ব লাগিব আৰু আবেদনকাৰীয়ে নিম্নতম ২০ বছৰৰ ধৰি অসমত বাস কৰা হ’ব লাগিব।

ঘৰতে বহি ম’বাইলৰ সহায়েৰে PRC(Permanent Resident Certificate) ৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব-

  • মাটিৰ খাজনাৰ ৰচিদ
  • পাছপোৰ্ট বা এনআৰচিৰ প্ৰমাণিত প্ৰতিলিপি 
  • আবেদনকাৰীৰ পাছপ’ৰ্ট চাইজ ফটো
  • আবেদনকাৰীৰ ভোটাৰ তালিকা
  • জন্মৰ প্ৰমাণপত্ৰ
  • মেট্ৰিকৰ এডমিট অথবা চাৰ্টিফিকেট
  • যদি আবেদনকাৰীৰ পৰিয়ালৰ যিকোনো এজনৰ PRC থাকে তেন্তে আপলোড কৰিব পাৰে, এইটো বাধ্যতামূলক নহয়।
  • যদি আবেদনকাৰীয়ে কৰ্মৰত অৱস্থাতে থাকে তেওঁৰ Employment Certificate কিন্তু এইটো বাধ্যতামূলক নহয়।
  • Address Proof হিচাপে আপুনি তলৰ প্ৰমাণপত্ৰ সমূহ আপলোড কৰিব পাৰে।
  1. ভোটাৰ কাৰ্ড
  2. আধাৰ কাৰ্ড
  3. কাৰ্ড
  4. ইলেক্ট্ৰিচিটী বিল
  5. ড্ৰাইভিং লাইচেন্স
  6. বেংক পাছবুক
  7. এলপিজি বিল
  • ৫০ বছৰৰ ধৰি অসমত বাস কৰা পূৰ্বপুৰুষৰ সৈতে আবেদনকাৰীৰ সম্পৰ্কিত নথিপত্ৰ

অথবা

২০ বছৰ ধৰি অসমত বাস কৰি থকা পিতৃ-মাতৃ, অভিভাৱকৰ নথিপত্ৰ

অনলাইন কেনেকৈ PRC(Permanent Resident Certificate) বাবে আবেদন কৰিব পাৰিব

Google ত Online e-District বুলি search কৰিব। ‘Please Creat account in state portal for e-district citizen registration’ option ত ক্লিক কৰিব।

এতিয়া ‘Create Account’ ত ক্লিক কৰি‌, Screen Name (উদাহৰণস্বৰূপে- techinassamese বা আপোনাৰ নিজৰ নাম বহুৱাই দিব), ইমেইল আই ডি, লিংগ, জন্মৰ তাৰিখ, ম’বাইল নম্বৰ আৰু Captcha Code বহুৱাই Save ক্লিক কৰিব।

• ইয়াৰ পিছত আপোনাৰ ইমেইলত এটা Password লাভ কৰিব যিটো login কৰাৰ সময়ত প্ৰয়োজন হ’ব।

• Registration সম্পূৰ্ণ হোৱাৰ পিছত আপুনি ইমেইল আইডি আৰু Password বহুৱাই login কৰিব। ইয়াৰ পিছত আপুনি এটা প্ৰশ্ন বাছনি কৰাৰ Option পাব আৰু প্ৰশ্ন অনুসৰি আপুনি উত্তৰ দি ‘Save’ ত ক্লিক কৰিব।

এতিয়া পুনৰ Home পেজত গৈ ‘eGovernance services’ option টোত ক্লিক কৰিব।

এতিয়া আপুনি ‘Email Address’ আৰু ‘Username/Screen Name’ বহুৱাই Login ত ক্লিক কৰিব।
ইয়াৰ পিছত আপুনি ‘Search E-Forms by Title’ ত ক্লিক কৰি ‘Permanent Residence Certificate’ বিকল্পটো বাছনি কৰি ‘Go’ ত ক্লিক কৰিব আৰু লগে লগে Online আবেদন কৰাৰ Option টো পাব, ‘Submit Online’ ত ক্লিক কৰিব।

• ইয়াৰ পিছত Application Form খনত Applicant’s details, Permanent Address, Residential Address আৰু PRC Related Information বহুৱাই দিব।

• ইয়াৰ পিছত প্ৰয়োজনীয় নথি পত্ৰ আপলোড কৰি Payment কৰি দিব। অনলাইনত Permanent Residence Certificate ৰ বাবে আবেদন কৰিব হলে ৩০ টকা মাছুল হিচাপে পৰিশোধ কৰিব লাগে আৰু ইয়াৰ লগতে Acknowledgments Receipt টো ডাউনলোড কৰি ৰাখি দিব, যিটো পিছত প্ৰয়োজন হ’ব।

e-District RegistrationClick here
PRC Application FormClick here
PRC Apply OnlineClick here

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply