বৰ্তমান সময়ত ড্ৰাইভিং লাইচেঞ্চৰ বাবে পৰিবহন বিভাগৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই। কিয়নো ঘৰতে বহি বহি আপুনি Apply কৰিব পাৰে ড্ৰাইভিং লাইচেঞ্চৰ বাবে। 

পোন প্ৰথমে https://parivahan.gov.in/parivahan/ ৱেবছাইটলৈ যাব। 

ৱেবছাইটটো খোলাৰ পাছত Drivers/ Learners License ক্লিক কৰক।

ক্লিক কৰাৰ পাছতে ৰাজ্যৰ নাম অৰ্থাৎ select state nameত ক্লিক কৰিব লাগিব।

তাৰপাছত আপুনি Assamত ক্লিক কৰক।

Assamত ক্লিক কৰাৰ পাছতে আপোনাৰ স্ক্ৰীণত এনেকৈ দেখুৱাব-

তাৰপাছত আপুনি Apply for learner license ত ক্লিক কৰিব লাগিব।

তাত ক্লিক কৰাৰ পাছতে Continueত ক্লিক কৰক।

Continueত ক্লিক কৰিলে আপোনাৰ মোবাইল বা কম্পিউটাৰৰ স্ক্ৰীণত কেইটামান বিকল্প দেখুৱাব।

সেই বিকল্প কেইটাৰ প্ৰথমটো বিকল্প অৰ্থাৎ Applicant does not hold any Driving/Learner licence issued in India ত ক্লিক কৰি Submit কৰিব। 

Submit কৰাৰ পাছত আপোনাৰ মোবাইলৰ স্ক্ৰীণত দেখুওৱা Submit via Aadhaar Authentication বিকল্পটোত ক্লিক কৰিব লাগিব।

তাৰপাছত আধাৰ নম্বৰ লিখি এটা OTP লাভ কৰিলে সেই OTPটো ফৰ্মখনত লিখি দিব আৰু Authenticate ত ক্লিক কৰিব।

তাৰপাছত আপোনাৰ সন্মুখত এখন নতুন ফৰ্ম দেখিব আৰু সেই ফৰ্মত আপোনাৰ নাম, ঠিকনা, ফটো তথা অন্যান্য যিবোৰ তথ্য় বিচৰা হৈছে সেইবোৰ পূৰণ কৰিব লাগিব।

এইখিনি কাম কৰাৰ পাছত আপুনি স্কুটী, বাইক, তিনিচকীয়া, চাৰিচকীয়া, গধূৰ বাহন নে লঘু বাহনৰ বাবে Apply কৰিব বিচাৰে সেইটো Select কৰি ল’ব।

ফৰ্মসমূহ Fillup কৰাৰ সময়ত যদি সম্ভৱ হয় এখন মোবাইল আৰু ইন্টাৰনেটৰ অভিজ্ঞতা থকা লোকৰ সহায় ল’ব পাৰে যদি আপুনি বিচাৰে। 

তাৰপাছত ফৰ্মখনত যেনেকৈ লিখা আছে তেনেকৈ পূৰণ কৰিব। আৰু অনলাইন Payment কৰিব লাগিব।

সকলো কৰাৰ পাছত Road Safetyৰ সন্দৰ্ভত এটা ৭ মিনিট মানৰ ভিডিঅ আপুনি চাব লাগিব। আৰু এই ভিডিঅ’টো চোৱাৰ পাছত আপুনি যদি বিচাৰে অনলাইন পৰীক্ষা দিব পাৰে। 

তাৰপাছত Homeত ক্লিক কৰি আপুনি learner licenseত ক্লিক কৰি একেবাৰে তলৰ Optionটো ক্লিক কৰিব। 

তাৰপাছত ভাষাৰ বিকল্পবোৰৰ অসমীয়া ভাষাটোত ক্লিক কৰি আপুনি কেনেকুৱা প্ৰশ্ন আপোনাক অনলাইন পৰীক্ষাত সোধা হ’ব তাৰ বিষয়ে এটা পিডিএফ ফাইল লাভ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply