এতিয়া ঘৰতে বহি আপুনি খুলিব পাৰিব SBIৰ Saving Account । এই একাউন্ট খুলিবলৈ আপুনি বেংকলৈ যোৱাৰ প্ৰয়োজন নাই। কেৱল কেইটামান Step অনুসৰণ কৰিয়েই আপুনি খুলিব পাৰিব এই একাউন্ট। তলত উল্লেখ কৰা হৈছে কেনেকৈ আপুনি খুলিব পাৰিব একাউন্টটো- 

  • প্ৰথমে Play store লৈ গৈ আপুনি Yono নামৰ এপটো ডাউনলোড কৰিব লাগিব।
  • তাৰপাছত আপুনি আপোনাক কেইটামান Excess বিচৰা হ’ব। 
  • সেই  Excessত আপুনি Allow কৰিব লাগিব।
  • তাৰপাছত আপোনাৰ মোবাইল বা লেপটপৰ স্ক্ৰীণত দেখিবলৈ পাব দুটা বিকল্প।
  • ইয়াৰে New to SBI ত ক্লিক কৰি ল’ব।
  • তাৰপাছত পুনৰ তিনিটা বিকল্প দেখিবলৈ পাব।
  • ইয়াৰে Open Saving Accountত ক্লিক কৰক।
  • তাৰপাছত আপুনি পুনৰ দুটা বিকল্প লাভ কৰিব।
  • ইয়াৰে Without Branch Visitলৈ যাওক আৰু ক্লিক কৰক।
  • তাৰপাছত ক্লিক কৰক Insta Plus saving accountত।
  • ক্লিক কৰাৰ পাছতে পুনৰ দুটা বিকল্প লাভ কৰিব। আৰু ইয়াৰে Start a new applicationত ক্লিক কৰক।
  • আপোনালোকে তাৰপাছত মোবাইলৰ স্ক্ৰীণৰ একেবাৰে তলত Nextত ক্লিক কৰিব লাগিব।
  • Nextত ক্লিক কৰাৰ পাছতে আপোনাোলকে মোবাইল নম্বৰ আৰু ইমেইল আইডি লিখি Submit কৰক।
  • কেইটামান ছেকেণ্ডৰ পাছতে এটা OTP পাব আৰু সেইটো লিখি Submitত ক্লিক কৰক।
  • তাৰপাছত এটা application Password আপুনি দিব লাগিব। 
  • মনত ৰাখিব এই Passwordত কমেও ৮টা character থাকিব লাগিব। 
  • তাৰপাছত Security Questionত ক্লিক কৰি তাত যিকোনো আপোনালোকে বিচৰা বিকল্প এটাত ক্লিক কৰক।
  • তাৰপাছত তলত দিয়া ফটোখন স্ক্ৰীণত আহিব।
  • ইযাৰে OK ত ক্লিক কৰিব লাগিব।
  • OKত ক্লিক কৰাৰ পাছতে Fatca/CRS Declarationত ক্লিক কৰিব।
  • তাৰপাছত Agree to the aboveত ক্লিক কৰিব লাগিব।
  • তাৰপাছত আহিব AADHAARত ক্লিক কৰি তাত আধাৰ নম্বৰটো জমা কৰিব।
  • তাৰপাছত পুনৰ এটা OTP আহিব আৰু সেইটো জমা কৰিব।
  • তাৰপাছত আপোনাৰ Personal Detail দেখুৱাব।
  • তাৰপাছত State, Sub-district, Village/town আদি দেখুৱাব। সেইবোৰত আপোনালোকে নিজৰ নিজৰ ঠিকনা অনুসৰি বিকল্পবোৰ লিখিব।
  • ইয়াৰ পাছতে পান নম্বৰ লিখিব লাগিব। আৰু Nextত ক্লিক কৰক।
  • তাৰপাছত আপোনাৰ ফটোখন দেখুৱাব। তাত পুনৰ Nextত ক্লিক কৰাৰ পাছত স্ক্ৰীণত আপোনাৰ শিক্ষাগত অৰ্হতা আপুনি ক্লিক কৰক।
  • তাৰপাছত বিবাহিত নে অবাহিত তাৰ বিকল্পত ক্লিক কৰিব লাগিব।
  • তাৰপাছত আপোনাৰ জন্ম স্থান, পিতৃৰ নাম, মাতৃৰ নাম আদি লিখিব লাগিব।
  • ইয়াৰ পাছত আপোনাৰ উপাৰ্জনৰ পথ কি সেই বিষয়ে সোধা হ’ব তাত আপুনি নিজৰ কৰ্ম অনুযায়ী বিকল্পবোৰত ক্লিক কৰিব লাগিব।
  • আপোনাৰ মোবাইলৰ স্ক্ৰীণত বাৰ্ষিক আয় কিমান লিখি দিব।
  • তাৰপাছত আপোনাৰ Caste কি সেইটো ক্লিক কৰিব।
  • ইয়াৰ পাছতে Nomineeৰ বিষয়ে আপুনি লিখিব লাগিব।
  • তাৰপাছত আপোনাৰ ওচৰৰ Branch আপুনি Search কৰিব লাগিব। 
  • সেইখিনি কৰাৰ পাছত আপুনি I have read and agreed to the terms & conditions ত ক্লিক কৰক।
  • তাৰপাছত পুনৰ OTP এটা পুনৰ আহিব আৰু সেইটো আপুনি লিখি দিব।
  • আপোনাক এতিয়া প্ৰশ্ন কৰা হ’ব যে আপোনাৰ debit cardত নাম কি বিচাৰে আপুনি। তাত আপুনি আপোনাৰ নাম লিখিব লাগিব। অৰ্থাৎ বেংকৰ সত্বাধিকাৰীৰ নাম।
  • তাৰপাছত আপুনি লাভ কৰিব এটা Token number।
  • তাৰপাছত স্ক্ৰীণৰ তলত লিখা থাকিব Start/Schedule a video call আৰু ইয়াত ক্লিক কৰাৰ পাছত ok বিকল্পত ক্লিক কৰিব।
  • পুনৰ আপুনি  I agreed to the terms & conditionsত ক্লিক কৰি Start journey ত ক্লিক কৰক।
  • তাৰপাছত আপুনি আপোনাৰ সময় অনুসৰি Schedule কৰি ল’ব।
  • ইয়াৰ পাছতে আপুনি যিটো তাৰিখৰ যি সময়ত Schedule কৰিছে, সেই সময়ৰ প্ৰায় ১০ মিনিট পূৰ্বে YONO এপটো পুনৰ খুলি New to SBIত ক্লিক কৰি Open saving account ত ক্লিক কৰিব লাগিব।
  • তাৰপাছত Insta Plus saving accountত ক্লিক কৰক।
  • তাৰপাছত আপোনাৰ নম্বৰ আৰু আৰম্ভণিতে যিটো Password আছিল সেইটো লিখিব।
  • পুনৰ Token number আহিব তাত nextত ক্লিক কৰি Start journeyত ক্লিক কৰিব লাগিব।
  • তাৰপাছত এপটোত আপুনি Original PAN cardত ক্লিক কৰক।
  • ইয়াৰ পাছতে camera, microphone & location বিকল্প দেখিবলৈ পাব। তাৰে যিকোনো এটাত ক্লিক কৰক।
  • তাৰপাছত Allowত ক্লিক কৰিলে তলত দিয়া ফটোখনৰ দৰে স্ক্ৰীণত দেখুৱাব।

এই সময়খিনিত বেংকৰ অধিকাৰীয়ে আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড আদি নথিপত্ৰ বিচাৰিব পাৰে। আৰু যদি সকলো ঠিকেই আছে তেন্তে ২৪ ঘন্টাৰ ভিতৰত আপোনাৰ একাউন্ট নম্বৰ, CIF নম্বৰ, ব্ৰান্স কোড আদি মোবাইলৰ স্ক্ৰীণত লাভ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply