বায়ুৰ মাজেৰে কোৰোণা ভাইৰাছ বিয়পিব পৰাৰ বিষয়টোক লৈ সম্প্ৰতি বিশেষভাৱে চৰ্চা আৰম্ভ হৈছে।
ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে এজন ব্যক্তিৰ পৰা আন এজনলৈ সংক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ কোঠাবোৰত বায়ু চলাচল অব্যাহত ৰখাৰ পৰামৰ্শ আগবঢ়ায়।
সাধাৰণতে বায়ুবিলয়ী (এয়েৰ’ছ’ল) সমূহ ১০ মিটাৰ পৰ্য্যন্ত চলাচল কৰে। ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা কে বিজয় ৰাঘৱনৰ মতে ‘সঠিক ভেণ্টিলেছনৰ ব্যৱস্থা থকা স্থানসমূহে সংক্ৰমিত বায়ুৰ কোভিড-১৯ ভাইৰেলৰ বোজা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।‘
উপদেষ্টাজনে পৰামৰ্শ দিয়ে যে কাৰ্যালয়, ঘৰ আৰু অন্যান্য অট্টালিকাত বায়ু চলাচল উন্নত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সৰল কৌশল যেনে – ফেন, খোলা খিৰিকী, আৰু দুৱাৰেৰে বাহিৰৰ বায়ু সোমাব পাৰে আৰু ভিতৰৰ বায়ুৰ মানদণ্ড উন্নত কৰিব পাৰে। গেবল ফেন চিষ্টেম আৰু ৰুফ ভেণ্টিলেটৰ ব্যৱহাৰ কৰি কাৰ্যালয়, প্ৰেক্ষাগৃহ, শ্বপিং মল আদিত বায়ুৰ মানদণ্ড উন্নত কৰিব পাৰি।
ইয়াৰ উপৰি তেওঁ ক’ভিড ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ মাস্ক, সঠিক দূৰত্ব, পৰিচ্ছন্নতা মানি চলিবলৈ পৰামৰ্শ দিয়ে।
কেন্দ্ৰীয় বায়ু-ব্যৱস্থাপনা প্ৰণালী থকা অট্টালিকাবোৰত বাহিৰৰ বায়ু চলাচলৰ বিকল্প সীমিত হ’লে তাত চেণ্ট্ৰেল এয়াৰ ফিল্টাৰেছন বা ইনক্ৰিজড ফিল্টাৰেছন দক্ষতা উন্নত কৰাটো বিশেষভাৱে সহায়ক হয়।
লগতে পঢ়ক : মহাৰাষ্ট্ৰত নক্সাল আৰু নিৰাপত্তা বাহিনীৰ ভয়ংকৰ সংঘৰ্ষ; ১৩জন নিহত
উল্লেখযোগ্য যে কোৰোণা ভাইৰাছ এজন ক’ভিড-পজিটিভ ব্যক্তিৰ পৰা এজন সুস্থ ব্যক্তিলৈ লালতিৰ টোপাল আৰু নিশ্বাসৰ জৰিয়তে দ্ৰুতগতিত বিয়পিব পাৰে। উশাহ লোৱা, কথা কোৱা, গান গোৱা, হাঁহিলে, কাহ বা হাঁচিয়ালে ভাইৰাছটো বিয়পিব পাৰে।
সেয়ে বাহিৰৰ পৰা আহিলে, দৰ্জা, গে’ট আদি স্পৰ্শ কৰিলে নিজৰ মুখ, নাক আৰু চকুলৈ নিয়াৰ আগতে হাত দুখত ভালদৰে চাবোনেৰে ধুই ল’ব লাগে।
ৰাঘৱনে কোভিড-১৯ সংক্ৰমণৰ বিপদাশংকা হ্ৰাস কৰিবলৈ ডাবল মাস্ক বা N95 মাস্ক পিন্ধি থকাৰ পৰামৰ্শ দিয়ে।
SARS-CoV-2 ভাইৰাছে এজন মানুহক সংক্ৰমিত কৰিলে উক্ত লোকজনে বাহক হিচাপে কাম কৰে আৰু ভাইৰাছটোৰ সংক্ৰমণ বৃদ্ধি পায়, বাহকৰ অনুপস্থিতিত ভাইৰাছটো জীয়াই থাকিব নোৱাৰে। আৰু ইয়াৰ দ্বাৰা ৰোগটোৰ সংক্ৰমণ বন্ধ কৰিব পাৰি।