গুৱাহাটী- এতিয়া হৈছে আমৰ বতৰ। চাৰিওফালে বজাৰত এতিয়া আমেৰে ভৰি পৰিছে। সাধাৰণতে আমি সকলোৱে আম খাই ইয়াৰ গুটিটো পেলাই দিওঁ। কিন্তু জানি আচৰিত হ’ব যে আমৰ গুটিতো আছে বহু উপকাৰী ঔষধি গুণ। আমৰ গুটিত প্ৰচুৰ পৰিমাণৰ এমিনো এচিড, খনিজ পদার্থ আৰু এন্টি অক্সিডেন্ট উপাদান থাকে। আমৰ গুটিৰ পৰা বহুতো উপকাৰ পোৱা যায়—

১/ আমৰ গুটি  উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰিব পাৰে। তাৰ বাবে আমৰ গুটি হুকুৱাই গুড়ি কৰি লব। অলপমান আমৰ গুটিৰ গুড়িৰ সৈতে দুই বা তিনিচামুচ সৰিয়হৰ তেল মিহলাই চুলিৰ গুৰিত ভালদৰে মালিচ কৰক। কিছুদিন পাছত লাহে লাহে উফিৰ সমস্যা নাইকিয়া হ’বলৈ ধৰিছে। এইদৰে কৰিলে চুলিৰ উজ্জ্বলতাও বৃদ্ধি পায়।

২/  আমৰ গুটি ছালৰ উজ্জ্বলতা বৃদ্ধিতো সহায় কৰে। ইয়াৰ বাবে আমৰ গুটিৰ গুড়িৰ সৈতে সৰিয়হৰ তেল মিহলাই ছালত ঘঁহিলেই হয়। নিয়মীয়াকৈ এসপ্তাহ এইদৰে কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়।

৩/  দাঁতৰ চাফা কৰাৰ বাবেও আমৰ গুটি ব্যৱহাৰ কৰিব পাৰি। আমৰ গুটি গুড়ি কৰি লৈ সদায় পুৱা দাঁতত ঘঁহিলে দাঁত পৰিষ্কাৰ হোৱাৰ লগতে ইয়াৰ উজ্জ্বলতা বৃদ্ধি পায়। লগতে দাঁত সুস্থ হৈ থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply