আজিৰ তাৰিখত ১২টা সংখ্যাৰ আধাৰ নম্বৰ বা Aadhaar কাৰ্ডখন প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে পৰিচয় প্ৰমাণ কৰাৰ এক অপৰিহাৰ্য নথি। নৱজাতকৰ পৰা জ্যেষ্ঠ নাগৰিকলৈকে যিকোনো লোকেই আধাৰ কাৰ্ড লাভ কৰিব পাৰে। কিন্তু বহু সময়ত প্ৰৱঞ্চকে এজন লোকৰ নামত ভূৱা আধাৰ উলিয়াই অপৰাধ সংঘটিত কৰিব পাৰে।

এইখিনিতে আমি সকলোৱে জানিব লগীয়া এটা গুৰুত্বপূৰ্ণ কথা হৈছে আমাৰ আধাৰৰ তথ্য শুদ্ধ হয়নে বা আধাৰ নম্বৰ আচল নে নকল তাক জনাটো।

ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ (UIDAI)-ৰ মতে Aadhaarৰ সত্যনিষ্ঠা খুব সহজেই অনলাইন তথা অফলাইনত গম পাব পাৰি। অফলাইনত আধাৰ পৰীক্ষা কৰিবলৈ ই-আধাৰ বা আধাৰ লেটাৰ বা আধাৰ পি ভি চি কাৰ্ডত থকা QR ক’ডটো স্কেন কৰিলেই হ’ল। আনহাতে অনলাইনত আপোনাৰ আধাৰ নম্বৰ পৰীক্ষা কৰিবলৈ তলত উল্লেখ কৰা ষ্টেপ কেইটা অনুসৰণ কৰিব পাৰে-

ষ্টেপ ১: আপোনাৰ আধাৰ নম্বৰ আচল নে ভুৱা তাক পৰীক্ষা কৰিবলৈ হ’লে প্ৰথমে UIDAI-ৰ অফিচিয়েল ৱেবছাইট (https://resident.uidai.gov.in/offlineaadhaar)-ত যাওক।

ষ্টেপ ২: এতিয়া আপোনাৰ স্ক্ৰিনত দেখা ‘Aadhaar Verify’ বিকল্পটো নিৰ্বাচন কৰক। ইয়াৰ উপৰি আপুনি পোনপটীয়াকৈ (https://myaadhaar.uidai.gov.in/verifyAadhaar) লিংকত গৈ আধাৰৰ বিশ্বাসযোগ্যতা পৰীক্ষা কৰিব পাৰে।

ষ্টেপ ৩: ‘Aadhaar Verify’ নিৰ্বাচন কৰাৰ পিছত আপোনাৰ ১২ টা সংখ্যাৰ আধাৰ নম্বৰ বা ১৬ টা সংখ্যাৰ ভাৰ্চুৱেল আই ডিটো দিয়ক।

ষ্টেপ ৪: আধাৰ নম্বৰ বা ভাৰ্চুৱেল আই ডি দিয়াৰ পিছত ক্ৰিনত দেখুওৱা সুৰক্ষা ক’ডটো এণ্টাৰ কৰক আৰু এটা ৱান টাইম পাছৱৰ্ড (OTP)ৰ বাবে অনুৰোধ কৰক। আপুনি TOTP এণ্টাৰ কৰাৰ অপচনো ল’ব পাৰে।

ষ্টেপ ৫: এতিয়া আপোনাৰ আধাৰত পঞ্জীয়নভুক্ত মোবাইল নম্বৰত লাভ কৰা OTPটো লাভ ৱেবছাইটত দিয়ক।

ষ্টেপ ৬: ই আপোনাক এটা নতুন পৃষ্ঠালৈ লৈ যাব য’ত আপোনাৰ আধাৰ নম্বৰটো বৈধ হয় নে নহয় তাক উল্লেখ কৰা এটা মেছেজ লাভ কৰিব।

ষ্টেপ ৭: উক্ত মেছেজৰ লগতে সংশ্লিষ্ট আধাৰ নম্বৰৰ নাম, ৰাজ্য, বয়স, লিংগ আদিও ক্ৰিণত শ্ব’ কৰা হ’ব। যদি এই সকলোবোৰ তথ্য দেখুওৱা হয় তেন্তে আপোনাৰ আধাৰ নম্বৰটো বৈধ।

লগতে পঢ়ক – শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উদযাপিত হ’ব অসম যুৱ অলিম্পিক, ২০২২ ৰ সামৰণি অনুষ্ঠান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply