গুৱাহাটী- প্ৰতিবিধ খাদ্যৰ লগতে প্ৰায়েই ব্যৱহাৰ হয় আলু। ই আমাৰ সকলোৰে বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত পৰে। সকলো পাচলিৰ সৈতে আলু মিহলাই খালে আমি তৃপ্তি পাওঁ। আলুত কাৰ্বহাইড্ৰেট, কিছু পৰিমাণৰ চৰ্বি, ভিটামিন ‘এ’, ফলিক এচিড, লৌহ পদাৰ্থ আদি থাকে। আলুত পোৱা প্ৰোটিজ ইনহিবিটৰ নামৰ ৰাসায়নিক পদাৰ্থই বৃক্কৰ কৰ্কট ৰোগৰ পৰা ৰক্ষা কৰে।

বজাৰত লাভ কৰা কিছুমান আলুৰ বাকলিৰ কিছু অংশত কেতিয়াবা সেউজীয়া দেখিবলৈ পোৱা যায়। এই সেউজীয়া অংশত পত্ৰহৰিৎৰ লগতে ছ’লানাইন থাকে। এই ছ’লানাইন এটা বিষাক্ত গ্লাইক’ এলকালয়ড। এই ছ’লানাইন ৰংহীন আৰু আলু গছৰ পাতত তথা ডালত থাকে।

এই ছ’লানাইনৰ ওপৰত পোহৰ পৰিলে আৰু এই পোহৰৰ প্ৰাবল্য বেছি হ’লে ইয়াৰ গাঢ়তা বুদ্ধি পায়। সূৰ্যৰ পোহৰৰ সংস্পৰ্শত আলুৰ উপৰিভাগ ক্ল’ৰ’ফিলৰ লগতে ছ’লানাইন তৈয়াৰ কৰে যাৰ ফলত আলুৰ বাকলিভাগ সেউজীয়া হৈ পৰে।

ঘৰত আলু সিজাবৰ বাবে কাটোতে ছ’লানাইনৰ গাঢ়তা কমাবলৈ বাকলি ডাঠকৈ গুচাব লাগে। প্ৰায় ১৭০ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত তেলত ভাজিলেও ছ’লানাইনৰ গাঢ়তা হ্ৰাস পায়, কাৰণ ছ’লানাইন তেললৈ নিগৰি যায় আৰু ইয়াৰ বিষাক্ততা হ্ৰাস কৰে। আলু ৰাখিবলৈ হ’লে প্লাষ্টিকৰ মোনাতকৈ কাগজৰ মোনা ব্যৱহাৰ কৰিব লাগে। শীতল স্থানত আলু ৰাখিলে ছ’লানাইনৰ গাঢ়তা বাঢ়িবলৈ নিদিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply