বৰপেটা : বৰপেটা জিলাৰ হাউলী নেচনেল চাইন্স একাডেমী (সম্পূৰ্ণৰূপে আৱাসিক শিক্ষানুষ্ঠান)য়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫% বা ততোধিক নম্বৰ প্ৰাপ্ত ১০ গৰাকী বিপিএল শিক্ষাৰ্থীক সম্পূৰ্ণ বৃত্তি প্ৰদান কৰিব। হাউলী চহৰত অৱস্থিত প্ৰতিষ্ঠানটোৱে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে পাঠ্যক্ৰম আগবঢ়ায়। হাউলী নেচনেল চাইন্স একাডেমীত কেৱল ওচৰ চুবুৰীয়া অঞ্চলৰ শিক্ষাৰ্থীয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলেও উচ্চ মানদণ্ডৰ শিক্ষাৰ বাবে নামভৰ্তি কৰে।
হাউলী নেচনেল চাইন্স একাডেমী আলম ফাউণ্ডেচনৰ অধীনস্ত। আলম ফাউণ্ডেচনে নামনি অসমত বিগত দুই দশক ধৰি শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। একাডেমীখনে এন.ই.ই.টি, জে.ই.ই আদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিসহ প্ৰমাণিত মূল্যায়ন আৰু উন্নয়ন প্ৰণালীসহ অনন্য সংমিশ্ৰণৰ এক গুণগত পাঠ্যক্ৰমেৰে শিক্ষা প্ৰদান কৰে। এই শিক্ষাদান পদ্ধতিৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক তেওঁলোকৰ পচন্দৰ বিভিন্ন ক্ষেত্ৰ যেনে চিকিৎসা বিজ্ঞান, অভিযান্ত্ৰিক, এন.ডি.এ. ইত্যাদি পৰীক্ষাত কৃতকাৰ্য হোৱাত সহায় কৰা।
এই সন্দৰ্ভত শিক্ষা প্ৰতিষ্ঠানটোৰ কাৰ্যবাহী সঞ্চালক মুনজীৰ আলমে কয়, ” আমাৰ মূল লক্ষ্য হৈছে নামনি অসমত আধুনিক আন্তঃগাঁথনিযুক্ত এই শিক্ষানুষ্ঠানখনত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিজ্ঞতাসম্পন্ন শিক্ষকৰদ্বাৰা ২৪/৭ সহযোগিতা আগবঢ়োৱাৰ জৰিয়তে আমাৰ শিক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকৰ সপোন পূৰণ কৰা৷ আমাৰ শিক্ষানুষ্ঠানখন ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পি.এইচ.ডি তথা এন.ই.ই.টি. জে.ই.ই বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা সন্মিলিত৷
লগতে পঢ়ক : সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত অব্যাহত আছে আৰক্ষীৰ অভিযান
“হাউলী নেচনেল চাইন্স একাডেমী সৰল অৰ্থত গুণগত শিক্ষাৰ বাবে অসমৰ পৰা ভাৰতৰ ভিন্ন প্ৰান্তলৈ গতি কৰা শিক্ষাৰ্থীসকলক ৰাজ্যতে সকলো সুবিধা প্ৰদানৰ জৰিয়তে পথ প্ৰদৰ্শনৰ এক বিপ্লৱ। এই উৎক্ষেপণ বৰ্ষত আমি উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত কেৱল মাত্ৰ ১০০ জন চুপাৰষ্টাৰ শিক্ষাৰ্থীৰ বাবে সীমিত আসন ৰাখিছো আৰু শিক্ষাৰ্থীসকলৰ কেৰিয়াৰৰ দৃষ্টান্তমূলক উত্তৰণৰ বাবে তেওঁলোকৰ সৈতে আমি কঠোৰ পৰিশ্ৰম কৰিছো,” তেওঁ লগতে কয়।