নিউজ ডেস্কঃ অসমৰ কভিড পৰিস্থিতিৰ বাবে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সমূহ স্থগিত ৰখা হৈছে।
মঙলবাৰে এক জাননী যোগে এই কথা প্ৰকাশ কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ।
অসমৰ কভিড পৰিস্থিতি সুস্থিৰ হ’লে পৰীক্ষা সমূহ পুনৰ অনুষ্ঠিত কৰিব বুলি জাননী খনত প্ৰকাশ পাইছে।
পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত পৰৱৰ্তী সময়ত পুনৰ জাননী যোগে প্ৰকাশ কৰিব উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।
