গুৱাহাটীঃ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰে।ধৃতিৰাজে উচ্চ মাধ্যমিক পৰীক্ষাতো অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ধৃতিৰাজে দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সৰ্বমুঠ ৪৫১ লাভ কৰি বিজ্ঞান শাখাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
দ্বিতীয় স্থান দখল কৰিছে চল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়ৰ অলংকৃতা গৌতম বৰুৱা (৪৮৮), তৃতীয় স্থান দখল কৰিছে কনচেপ্ত চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁওৰ সুৰজিত সূত্ৰধৰে (৪৮৬)।
চতুৰ্থ স্থানত কনচেপ্ট চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁৱৰ ঋত্বিক কুমাৰ সূত আৰু ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁৱৰ আলড্ৰিন নাথ। দুয়োজনে মুঠ নম্বৰ লাভ কৰিছে ৪৮২।
পঞ্চম স্থানত আছে চল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়ৰ আইমন চোৱাইব আৰু কনচেপ্ট চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁৱৰ ৰোহন শইকীয়া। দুয়ো গৰাকীয়ে লাভ কৰা মুঠ নম্বৰ ৪৮১।
ষষ্ঠ স্থান লাভ কৰিছে ড০ ৰাধাকৃষ্ণন স্কুল অৱ আৰ্টচ, কমাৰ্চ এণ্ড চায়েন্স, ডিব্ৰুগড়ৰ অভিলাষ দত্ত (৪৭৮)।
সপ্তম স্থানত আছে দমদমা উঃ মাঃ বিদ্যালয়, কামৰূপৰ দেৱব্ৰত কলিতা আৰু বৈভৱ সোণোৱাল, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও ,দুয়ো লাভ কৰা মুঠ নম্বৰ ৪৭৭।
অষ্টম স্থানত আছে প্ৰজ্ঞা একাডেমী, যোৰহাটৰ গৌৰাংগ ভূঞা (৪৭৬)।
নৱম স্থান লাভ কৰিছে সপ্তঋষি কলিতা, কৃষ্ণকান্ত সন্দিকৈ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, বজালী,
দেৱাশীষ শৰ্মা, কনচেপ্ত চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও, বিক্ৰম নাথ, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও আৰু প্ৰীতম সৰকাৰ, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও। চাৰিওজনে লাভ কৰা মুঠ নম্বৰ (৪৭৫)।
দশম স্থানত আছে ভৱানীপুৰ উঃমাঃ বিদ্যালয়, বজালীৰ সূৰজিত সাহা, অন্তৰীক্ষা মজুমদাৰ, দত্ত, ড০ ৰাধাকৃষ্ণন স্কুল অৱ আৰ্টচ, কমাৰ্চ এণ্ড চায়েন্স, ডিব্ৰুগড়, প্ৰজ্ঞা একাডেমী, যোৰহাটৰ দেৱজ্ঞান বৰদলৈ, কৃসন হৰলালকা, প্ৰজ্ঞা একাডেমী, যোৰহাট আৰু কটন বিশ্ববিদ্যালয়, গুৱাহাটীৰ বেদান্ত শৰ্মা। তেওঁলোকৰ মুঠ নম্বৰ হৈছে- ৪৭৪