গুৱাহাটীঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অনুসৰি বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে বিবেকানন্দ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, কাছাৰৰ সাগৰ আগৰৱালে (৪৮২)।
দ্বিতীয় স্থানত আছে ক্ৰিজেন্ট একাডেমী, যোৰহাটৰ মানসজ্যোতি বৰঠাকুৰ (৪৭৬)।
তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে নিখিল গুপ্তা, আৰ ডি চিনিয়ৰ চেকেণ্ডাৰী স্কুল, তিনিচুকীয়া(৪৭৪)।
চতুৰ্থ স্থান দখল কৰিছে পিবি কলেজ, ধুবুৰীৰ নেনচি খেটাৱট, প্ৰিয়াক্ষী ঘোষ, পি আৰ চৰকাৰী উঃমাঃ আৰু বহুমুখী বিদ্যালয়, গোৱালপাৰা দুয়ো লাভ কৰা মুঠ নম্বৰ হৈছে ৪৭৩।
পঞ্চম স্থান লাভ কৰিছে প্ৰথম আগৰৱাল, শিৱসাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, শিৱসাগৰ (৪৭২)।
ষষ্ঠ স্থান দখল কৰিছে পি আৰ চৰকাৰী উঃমাঃ আৰু বহুমুখী বিদ্যালয়, গোৱালপাৰাৰ মৃণাল ৰায়, কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটীৰ দ্বীপক লোধা (৪৬৮)।
সপ্তম স্থান লাভ কৰিছে বন্দনা বলদেৱা, শিৱসাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, শিৱসাগৰ (৪৬৬)।
অষ্টম স্থান লাভ কৰিছে নগাঁও চৰকাৰী বালক উঃ মাঃ বিদ্যালয়,নগাঁওৰ চিমৰন সুৰাণাই (৪৬৫)।
নৱম স্থানত আছে চন্দন বৰা, গীতাঞ্জলি চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও (৪৬১)।
দশম স্থান লাভ কৰিছে প্ৰিয়াংশু দাস, সোণাৰি বাণিজ্য মহাবিদ্যালয়, চৰাইদেউ (৪৬০)।