নিউজ ডেস্কঃ কাইলৈ অৰ্থাৎ ২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই পৰীক্ষাৰ ফলাফল শীঘ্ৰেই ঘোষণা কৰাৰ বাবে কিছুদিন পূৰ্বৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়ে ছচিয়েল মিডিয়াত শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই থকা পৰিলক্ষিত হৈছিল।
অৱশেষত যোৱাকালি মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে ঘোষণা কৰে যে ২৭ জুনত ঘোষণা কৰা হ’ব এই পৰীক্ষাৰ ফলাফল। উল্লেখযোগ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰাজ্যৰ ২,১৫,০২২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।
ইফালে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননীযোগে জনাইছে যে- মুঠ ১৬টাকৈ ৱেবচাইটত এই পৰীক্ষাৰ ফলাফল পৰীক্ষাৰ্থীসকলে লাভ কৰাৰ লগতে ‘Upolobdha’ (উপলব্ধ) নামৰ এপটোৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলে চাব পাৰিব নিজৰ ফলাফল।
আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল লাভ কৰিব পৰা এই ৱেবছাইট কেইটা ক্ৰমে-
- www.ahsec.assam.gov.in
- www.results.shiksha
- https:/www.resultsassam.nic.in
- www.assamresult.in
- www.examresluts.net
- www.indiaresults.com
- www.examete.com
- www.schools9.com
- www.jagranjosh.com
- www.assamjobalerts.com
- www.assamresult.co.in
- www.iReluts.net
- www.necareer.com
- www.vidyavision.com
- www.iResult.in
- www.assamgovtsakari.com
ইয়াৰোপৰি, ‘Upolobdha’ (উপলব্ধ) নামৰ এপটোৰ জৰিয়তে ফলাফল চাব পাৰিব। আৰু এপটো google play storeৰ পৰা ডাউনলোড কৰিব পাৰিব ম’বাইলত।