গুৱাহাটীঃ অহা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। এই পৰীক্ষা সমাপ্ত হ’ব ৩১ মাৰ্চত।

ইতিমধ্যে অসম মাধ্যমিক শিক্ষা পৰিষদে পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। ছেবাই প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰ এই পৰীক্ষাত মুঠ ৪২১৫৭৮ গৰাকী শিক্ষাৰ্থীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব। ইয়াৰ ভিতৰত ১৯৬০৬৪ ছাত্ৰ আৰু ২২৫৫১৪ গৰাকী ছাত্ৰী।

লগতে পঢ়কঃ১ফেব্ৰুৱাৰীৰ পৰা শিথিল হ’ব ক’ভিডৰ এছ অ’ পি
আনহাতে অসম হাই মাদ্ৰাছা পৰীক্ষাত মুঠ ১১৩০৬ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ’ব। ইয়াৰ ভিতৰত ৪২১৮ গৰাকী ছাত্ৰ আৰু ৭০৮৮ গৰাকী ছাত্ৰী। সেই অনুসৰি এইছ এছ এল চি আৰু এ এইছ এম দুয়োটা পৰীক্ষা মিলি মুঠ ৪৩২৮৮৪ গৰাকী পৰীক্ষাত অৱতীৰ্ন হ’ব। আনহাতে এইবাৰ এই পৰীক্ষা মুঠ ৯০৩ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, ইতিমধ্যে ঘোষিত সূচী অনুসৰি ৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষা। কোৰোনা সৃষ্ট পৰিৱেশ-পৰিস্থিতিৰ বাবে বিগত বৰ্ষত মেট্ৰিক, হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply