গুৱাহাটীঃ ক’ভিডৰ সংক্ৰমন ভয়াবহ ৰূপ লোৱাৰ বাবেই কেন্দ্ৰীয় শিক্ষা বৰ্ডে দশম শ্ৰেণীৰ পৰীক্ষা বাতিল আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে । কিন্তু ছেবাৰ অধীনত হ’ব লগা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আয়োজন কৰা দ্বাদশ চূড়ান্ত বৰ্ষৰ সূচী প্ৰকাশ কৰাৰ পিছত এতিয়া এক অনিশ্চয়তাৰ মাজলৈ আগবাঢ়িছে । দিনক দিনে ক’ভিড সংক্ৰমনৰ সংখ্যা বৃদ্ধি হৈছে ৰাজ্যত ।
দুয়োখন ব’ৰ্ডে পৰীক্ষা অনুষ্ঠিত কৰিব বুলি সাজু হৈছে যদিও সময়ত হৈ উঠিবগৈ নে সি এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত । শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাইও অহা ২ মে’ৰ নিৰ্বাচনৰ ফলাফলৰ পাছত হ’ব লগা নতুন চৰকাৰেহে কিবা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত বুলি মন্তব্য কৰিছে।
ড০ শৰ্মাই কয়—”নতুন চৰকাৰৰ হাততে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ সিদ্ধান্ত হ’ব। নিৰ্বাচনী আচৰণবিধি চলি থকাৰ সময়ত আমি এনেধৰণৰ সিদ্ধান্ত ল’ব বিচৰা নাই। কাৰণ আমি যি সিদ্ধান্ত লওঁ তাত নিৰ্বাচন আয়োগৰো অনুমোদন লাগিব। ২ মে’ৰ আগতে আমি সিদ্ধান্ত ল’ব খোজা নাই। মেট্ৰিক যিহেতু ১১ তাৰিখে আছে, তিনি বা চাৰি তাৰিখে সিদ্ধান্ত গ্ৰহণ কৰিলেও ই কাৰ্যকৰী হ’ব।”
মন্ত্ৰীগৰাকীয়ে লগতে কয়, “চিবিএছইৰ দৰে অসমত পৰীক্ষা বাতিল কৰাত কেইবাটাও সমস্যা আছে।
চিবিএছইত ইণ্টাৰনেল এচেছমেণ্ট হয়। ছেবাৰ মেট্ৰিকত নহয়। দ্বিতীয়তে, আমাৰ ইয়াত অনলাইন পৰীক্ষা হ’ব নোৱাৰে। গতিকে ক’ভিডৰ পৰিস্থিতি আৰু ব্যৱহাৰিক অসুবিধাবোৰ চাই এটা সিদ্ধান্ত ল’ব লাগিব।”
চৰকাৰ গঠন কৰিম বুলি মহাজোঁটেও দাবী কৰি আহিছে, তেওলোক চৰকাৰলৈ আহিলে বৰ্তমানৰ পৰিস্থিতিত কি সিদ্ধান্ত ল’ব সেইয়া এতিয়াও স্পষ্ট নহয় । এনে অবস্থাত ছাত্ৰ ছাত্ৰী সকলে এতিয়াও অনিশ্চয়তাৰ মাজতে পৰীক্ষাৰ বাবে সাজু হৈছে ।