নিউজ ডেস্কঃ কোভিড পৰিস্থিতি সাম কটাৰ পিছতে অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ।

শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাই ছেবা কৰ্তৃপক্ষৰ সৈতে এই সন্দৰ্ভত এক আলোচনাত মিলিত হয়।

সকলো শিক্ষাৰ্থীক ঘৰতে থাকি পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ আছু নেতৃবৃন্দই পৰামৰ্শ প্ৰদান কৰে।

আৰু পঢ়কঃজোতাৰ দোকানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে ড্ৰাগছ

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই কোনো কাৰণত শিক্ষাৰ্থীৰ জীৱন নষ্ট হ’বলৈ দিয়া নহ’ব বুলি মন্তব্য প্ৰদান কৰে।
শেহতীয়াকৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ছেবা কৰ্তৃপক্ষৰ লগত কৰা আলোচনাত পৰীক্ষা তিনিটা বিষয়ৰ ওপৰত কৰিবলৈ এক প্ৰস্তাব সম্পৰ্কে স্থান পাইছিল।

উক্ত আলোচনাত মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ লগতে সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত থাকে।

পৰীক্ষা সন্দৰ্ভত ৫ দিন পিছত পুনৰ ছেবা কৰ্তৃপক্ষৰে আলোচনাত বহিব আছুৰ নেতৃবৃন্দ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply