শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগু

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰউচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ন পদ্ধতি সন্দৰ্ভত বহুকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছে । শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগুৱে এক সংবাদমেল সম্বোধন কৰি পৰীক্ষা সন্দৰ্ভত এই সিদ্ধান্তসমূহ ঘোষণা কৰিছে ।

৩১ জুলাইৰ ভিতৰত দিয়া হ’ব মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল।

কমিটীৰ প্ৰতিবেদনৰ ভিত্তিতেই ঘোষণা কৰা হ’ব ফলাফল।

নৱম শ্ৰেণীৰ পৰা লোৱা হ’ব ৪০ শতাংশ নম্বৰ।

দশম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ল’ব ৪০ শতাংশ নম্বৰ।

ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ভিত্তিতো নম্বৰ দিয়া হ’ব।

উপস্থিতি- নিয়মানুৱৰ্তিতাৰ পৰা থাকিব ২০ শতাংশ নম্বৰ।

যি বিদ্যালয়ত দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই তেনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ৭০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা দিয়া হ’ব।

বাকী ৩০ শতাংশ নম্বৰ শিক্ষকে নিৰূপন কৰিব।

দিব্যাংগ শিক্ষাৰ্থীসকলৰ মূল্যায়ন বিদ্যালয়ে কৰিব।

এইবাৰ নাথাকিব স্থান, ষ্টাৰ, ডিষ্টিংছন আদিৰ ব্যৱস্থা।

উচ্চতৰ মাধ্যমিকৰ বাবে ৪ টা বিভাগৰ সুকীয়া পদ্ধতিত ফলাফল নিৰ্ণয় কৰা হৈছে।‘উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ৩ বিষয়ৰ পৰা লোৱা হ’ব ৫০ শতাংশ নম্বৰ।কলা আৰু বিজ্ঞান শাখাৰ ব্যৱহাৰিক বিষয় থকাৰ বাবে এই পদ্ধতি গ্ৰহণ কৰা হৈছে।উচ্চতৰ মাধ্যমিকৰ ২টা বছৰৰ শৈক্ষিক ক্রিয়া কলাপৰ পৰা লোৱা হ’ব ১০ শতাংশ নম্বৰ।
ব্যৱহাৰিক পৰীক্ষাৰ পৰা লোৱা হ’ব ৩০ শতাংশ নম্বৰ।কলা-বাণিজ্যৰ ব্যৱহাৰিক বিষয় নথকা ছাত্ৰসকলৰ বাবে লোৱা হ’ব সুকীয়া পদ্ধতি।যিসকলৰ ব্যৱহাৰিক বিষয় নাই তেওঁলোকৰ বাবে ২টা বছৰৰ শৈক্ষিক ক্রিয়া কলাপৰ পৰা লোৱা হ’ব ৪০ শতাংশ নম্বৰ।উচ্চতৰ মাধ্যমিকত নাথাকিব শীৰ্ষ ১০টা স্থানৰ লগতে ষ্টাৰ আৰু ডিষ্ট্রিংচন নম্বৰ।বিগত ৩ বছৰৰ ফলাফলৰ হাৰৰ ১০ শতাংশ তাৰতম্য হ’ব পাৰে।

এই মূল্যায়ন পদ্ধতিত সন্তুষ্ট নহ’লে ছাত্র-ছাত্রীয়ে পৰীক্ষাত বহিব পাৰিব।১৫ ছেপ্তেম্বৰৰ ভিতৰত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে হ’ব বিশেষ পৰীক্ষা।এই পৰীক্ষাত বহিবলৈ ছাত্র-ছাত্রীয়ে আবেদন কৰিব লাগিব। আবেদনৰ ভিত্তিতে হ’ব এই পৰীক্ষা।সকলো বিদ্যালয়তে আছে আভ্যন্তৰীণ মূল্যায়ণৰ নম্বৰ।এই বৰ্ষৰ শিক্ষাৰ্থীসকলে টেটৰ বাবে বহিব লাগিব বিশেষ পৰীক্ষাত।অন্যান্য চৰকাৰী চাকৰিৰ বাবেও বাহাল থাকিব অনুৰূপ নিয়ম।

ভবিষ্যতে অসম চৰকাৰৰ চাকৰিত নিযুক্তি পাবলৈ এই বৰ্ষৰ শিক্ষাৰ্থীয়ে বহিব লাগিব বিশেষ পৰীক্ষাত।হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমকিৰ শিক্ষাৰ নম্বৰ প্রয়োজন হোৱা নিযুক্তিত বহিব লাগিব এই বিশেষ পৰীক্ষাত।ভবিষ্যতে চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে শিক্ষাৰ্থীসকলে এতিয়াই কৰিব পাৰিব আবেদন।

লগতে পঢ়ক স্বাস্থ্যকৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰূপহীহাটত উপস্থিত গৌৰৱ গগৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply