মেট্ৰিক

মেট্ৰিকৰ বাবে সাজু হ’ল । এইবাৰ কেৱল ছেবাই নহয় পৰীক্ষা পাতিবৰ বাবে সাজু হৈছে স্বাস্থ্য বিভাগ আৰু দূৰ্যোগ ব্যবস্থাপনা বিভাগো । মেট্ৰিক পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে শিক্ষা বিভাগৰ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ‘ছেবা’ৰ বৈঠকৰ অন্তত পৰীক্ষাৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে।প্ৰথমবাৰৰ বাবে ৰাজ্যত দুৰ্যোগ ব্যৱস্থাপনা বিভাগে পাতিব পৰীক্ষা।২০জুলাইৰ ভিতৰতে হ’ব মেট্ৰিক পৰীক্ষা।

পৰীক্ষা অনুষ্ঠিত কৰাত শিক্ষা আৰু স্বাস্থ্য বিভাগে দুৰ্যোগ ব্যৱস্থাপনা বিভাগক সহযোগ কৰিব।ক’ভিড সংক্ৰমণৰ পৰা শিক্ষাৰ্থী সকলক ৰক্ষা কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।উল্লেখযোগ্য যে,প্ৰথমবাৰৰ বাবে ল’ৰা আৰু ছোৱালীৰ বাবে বেলেগ বেলেগ হ’ব প্ৰশ্নকাকত।

৪টা দিনত হ’ব ৪টা পৰীক্ষা।ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজবিজ্ঞান বিষয়ত হ’ব পৰীক্ষা। প্ৰতিটো বিষয়ৰ মুঠ নম্বৰ হ’ব ২৫।পৰীক্ষাত নাথাকিব MIL অথবা ঐচ্চিক বিষয়ৰ পাঠ্যক্ৰম।

ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা এক বিবৃতি যোগে অবশ্যে পৰীক্ষা অনুষ্ঠিত কৰা-নকৰা সন্দৰ্ভত এতিয়ালৈকে দুৰ্যোগ প্ৰশমন বিভাগে কোনো নিৰ্দেশনা লাভ কৰা নাই। শিক্ষা বিভাগে এই সন্দৰ্ভত কোনো নিৰ্দেশনা প্ৰদান কৰা নাই বুলি উল্লেখ কৰিছে বিবৃতিটোত।

লগতে পঢ়ক মাইক্ৰ’ফাইনেন্সৰ ঋণ পৰিশোধ প্ৰসংগত চৰকাৰক জাতীয় পৰিষদৰ আহ্বান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply