লখিমপুৰ: আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ ঘূণাসুঁতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে হাই স্কুল শিক্ষান্ত পৰীক্ষা।
পৰীক্ষা কেন্দ্ৰৰ বাহিৰত পুৱাৰ ভাগত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকে ভীৰ কৰেহি।
যোৱা বছৰ কৰোনা মহামাৰীৰ বাবে অনুষ্ঠিত নহল হাইস্কুল শিক্ষান্তৰ চূড়ান্ত পৰীক্ষা।
এই বছৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বাবে আনন্দ উৎফুল্লিত হোৱা দেখি পোৱা গৈছে পৰীক্ষাৰ্থীৰ মাজত ।
ঘূণাসুঁতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ ২৪২জন পৰীক্ষাৰ্থীয়ে এইবাৰ পৰীক্ষাত বহিছে ।
ঘূণাসুঁতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিদ্যালয় কতৃপক্ষই সকলো ব্যবস্থা নিয়াৰীকৈ কৰি তুলিছে।
ঘূণাসুঁতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ঠানুকৃষ্ণ ফুকনে সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰীক্ষা সুকলমে হোৱাৰ আশা প্ৰকাশ কৰে।