নিউজ ডেস্কঃ ৰাজ্যত আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ ৰাজ্যখনৰ মুঠ ৪ লাখ ২২ হাজাৰ ১৭৪ গৰাকী  প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ’ব পৰীক্ষাত।

ৰাজ্যখনৰ মুঠ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।

সলনি কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতৰ নিয়ম। এইবাৰ প্ৰশ্ন কাকতত অবজেক্টিভ ধৰণৰ প্ৰশ্ন থাকিব ৫০ শতাংশ আৰু বৰ্ণনামূলক প্ৰশ্ন থাকিব ৫০ শতাংশ। অৰ্থাৎ পৰীক্ষাৰ্থীয়ে ১ নম্বৰৰ ৫০ টা প্ৰশ্নৰ লাভ কৰিব ।

পৰীক্ষাৰ দিনটোত পৰীক্ষা আৰম্ভৰ পূৰ্বে ৮.৪৫ বজাত ৮ টা পেজৰ অবজেক্টিভ উত্তৰ বহীখন পৰীক্ষাৰ্থীক দি দিয়া হ’ব। ৯.৪৫ বজাত ১৬ টা পৃষ্ঠাৰ বৰ্ণনামূলক প্ৰশ্নৰ বাবে উত্তৰ বহীখন শিক্ষাৰ্থীসকলক দি দিয়া হ’ব।

উল্লেখযোগ্য যে, বৰপেটা জিলাত সৰ্বাধিক প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে । বৰপেটাৰ পৰা ২৭ হাজাৰ ৬৪৭ গৰাকী প্ৰাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব।

ইফাল, সৰ্বনিম্ন অৱতীৰ্ণ প্ৰাৰ্থীৰ সমখ্যা মাজুলী। মুঠ ৩০৩৭ গৰাকীয়ে দিব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply