মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ অন্তত আজি সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশ। পৰীক্ষা কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বেগ কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীয়ে চাইকেল ষ্টেন্ডত দমাই থোৱাত পৰীক্ষাৰ অন্তত ছাত্ৰ ছাত্ৰীয়ে বেগ নিবলৈ যাওঁতে ঠেলা হেঁচাত সৃষ্টি হৈ এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়।

প্ৰায় পাঁচশ ছাত্ৰ ছাত্ৰীয়ে একেলগে গৈ বেগ আনিবলৈ যোৱাৰ সময়তে ধূলি আৰু ভৰিৰ গচকত নষ্ট হয় বেগ সমূহ। ইয়াকে লৈ ছাত্ৰ ছাত্ৰী সকলৰ মাজত হুৱাদুৱা লাগে। পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

উল্লেখ্য যে ছেবাৰ গাইডলাইন অনুসৰি পৰীক্ষা কেন্দ্ৰৰ চাৰিসীমাৰ ভিতৰত ছাত্ৰ ছাত্ৰীৰ বেগ নিসিদ্ধ কৰিছিল যদিও বিদ্যালয় খনৰ অধ্যক্ষ চিৰঞ্জীব ভট্টাচাৰ্যই প্ৰয়োজন অনুসৰি বিষয়া নথকাৰ বাবে এনে পৰিস্থিতিত হয় বুলি জানিব দিয়ে। বিদ্যালয় খনৰ পৰীক্ষা গৃহৰ পৰীক্ষাৰ্থীৰ সংখ্যা ৭০৬ গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply