ধন লৈ মেট্ৰিক পৰীক্ষাৰ মূল্যায়ন কেলেংকাৰীৰ ঘটনাত ছেবাৰ এজন ঠিকাভিত্তিক কৰ্মচাৰী প্ৰশান্ত দাসক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। কামৰূপ জিলাৰ স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ত কৰ্মৰত আছিল কৰ্মচাৰীজন। আনহাতে জিলাখনৰ মাজৰটোপ স্কুলৰ অধ্যক্ষ আক্কাছ আলী আহমেদকো নিলম্বন কৰা হৈছে । ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰোৱাৰ বাবে ধনৰ লেনদেন কৰাৰ অভিযোগত আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষী অধীক্ষকৰ প্ৰতিবেদন মৰ্মে আক্কাছ আলী আহমেদক নিলম্বন কৰিছে বিভাগে ।
পৰীক্ষা অবিহনেই পৰীক্ষাৰ ফলাফল দিবৰ বাবেই চৰকাৰে গঠন কৰা কমিটিৰ প্ৰতিবেদনৰ ভিত্তিতেই মূল্যায়ন কৰি থকা সময়তে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত অনিয়ম হোৱাৰ তথ্য পোহৰলৈ আহিছে । এই সময়তে কামৰূপ জিলা পৰিদৰ্শকৰ কাৰ্যালয়ত আৰক্ষীয়ে অতৰ্কিতে চলোৱা তালাচীত বহুবোৰ খেলিমেলিৰ তথ্য পোহৰলৈ আহে । সেই অভিযান কালত লাভ কৰা তথ্যৰ আধাৰতেই এজনক বৰ্খাস্ত আৰু আনজনক নিলম্বন কৰিছে ।
এই ঘটনাৰ পিছতেই কামৰূপৰ পৰ্টেল দুদিনৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লয় ছেবাই । ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে জনোৱা মতে, বন্ধ কৰি দিয়া পৰ্টেল পুনৰ দুদিনৰ বাবে খুলি দিয়া হৈছে । কামৰূপত কেলেংকাৰী হোৱাৰ তথ্য পোহৰলৈ অহাত চৰকাৰে গঠন কৰি দিয়া কমিটিৰ প্ৰতিবেদনৰ ভিত্তিতেই পুনৰীক্ষণৰ ব্যবস্থা কৰা হ’ব । সচিব গৰাকীয়ে আৰু জনোৱা মতে ৩১ জুলাইৰ ভিতৰতে পুনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে ছেবা । সচিব গৰাকীৰ মতে ৰাজ্যৰ আন জিলা সমূহৰ নম্বৰৰ কাম ইতিমধ্যে শেষ হৈছে ।
কামৰূপৰ বাহিৰে ৰাজ্যৰ আন জিলাসমূহত নম্বৰৰ কাম শেষ কৰি ফলাফলৰ বাবে সাজু হৈছে ছেবা । স্বয়ং মুখ্যমন্ত্ৰীৰ বক্তব্যতে কিছুদিনৰ আগতে প্ৰকাশ এচাম বিষয়া কৰ্মচাৰীয়ে মেট্ৰিকৰ মূল্যায়নৰ নামত দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ কথা প্ৰকাশ পাইছিল ,এনে অবস্থাত এই ফলাফলে যোগ্য ছাত্ৰ-ছাত্ৰীসকলৰ মনোবল ভাঙিব বুলি শংকা নোহোৱা নহয় । শেহতীয়াকৈ লাভ কৰা তথ্য মতে, যোৱা তিনিটা পৰীক্ষাত এজনো ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হব নোৱাৰা বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে এইবাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে মূল্যায়ণ হৈছে ।
মূল্যায়নৰ ক্ষেত্ৰত নতুন গাইড লাইনৰ কথা কোৱা হৈছিল যদিও কামৰূপ জিলাৰ ক্ষেত্ৰত ইয়াক কি দৰে কাৰ্যকৰী কৰে তাৰো কোনো ৰূপৰেখা নাই । সেইদৰে স্কুল পৰিদৰ্শক গৰাকীৰ কাৰ্যালয়ত মূল্যায়নৰ খেলিমেলি ধৰা পৰাৰ পিছতো পৰিদৰ্শক গৰাকীক বদলী কৰি দায়িত্ব সামৰিলে । আনহাতে ছেবাৰ আনগৰাকী কৰ্মচাৰী ফুলপাহি নাথৰ ওপৰত ব্যবস্থা ল’বলৈ সৰ্বশিক্ষা বিভাগক দায়িত্ব দিয়েই দায়িত্ব শেষ কৰিলে ।কামৰূপৰ বিদ্যালয় পৰিদৰ্শক, ছেবাৰ সমন্বয়ক সহ কেইবাখনো বিদ্যালয়ৰ প্ৰধান শিক্ষকক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰ কেন্দ্ৰিক কেলেংকাৰীৰ সন্দৰ্ভত আটক কৰা ঘটনাই প্ৰমাণ কৰি দিলে যে ধনৰ বাবে যিকোনো কাম হ’ব পাৰে।
এনেদৰেই জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ পাবলৈ অপেক্ষাত থকা ছাত্ৰ-ছাত্ৰীসকলক কি দৰে উপকৃত কৰিব তাক লৈ সকলো অনিশ্চয়তাত ।
উল্লেখ্য যে, যোৱা ১৭ জুলাইত এক গোপন খবৰৰ ভিত্তিত আমিনগাঁও বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত কামৰূপ উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত কামৰূপ আৰক্ষীৰ বৃহৎ দলে অভিযান চলায় । চাৰিঘণ্টাজোৰা অভিযানত কামৰূপ বিদ্যালয় পৰিদৰ্শক মাধব চন্দ্ৰ ডেকা , জিলা শিক্ষা আঁচনি বিষয়া তথা ছেবাৰ সমম্বয়ক ফুলপাহি নাথ ,ডাটা এণ্ট্ৰি অপাৰেটৰ প্ৰশান্ত দাস ,চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিবেশ্বৰ কলিতা আৰু ছয় গাঁৱৰ দুখন বিদ্যালয়ৰ প্ৰধান শিক্ষক ক্ৰমে দোস্ত হবিবুৰ ৰহমান আৰু আক্কাছ আলী আহমেদ সহ ছগৰাকী লোকক আটক কৰিছিল ।
ইয়াৰ পিছত কামৰূপৰ বিদ্যালয়ৰ পৰিদৰ্শক মাধৱ ডেকাক বদলি। মাধ্যমিক শিক্ষা পৰিষদৰ উপ সঞ্চালকৰূপে নিযুক্তি ডেকাক। মূল্যায়ন কেলেংকাৰীত নাম সাঙোৰ খাইছিল মাধৱ ডেকাৰ। আৰক্ষীয়ে মাধৱ ডেকাক আটক কৰি সোধা–পোছাৰ অন্তত মুকলি কৰি দিয়ে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিতৰ্কই সমগ্ৰ ৰাজ্যবাসীকে উৎকণ্ঠিত কৰি ৰখাৰ সময়তে দেওবাৰে কামৰূপ আৰক্ষীয়ে চাংসাৰী থানাত ৩২৯/২১ ,আই পি চি ১২০বি /৪৬৫/৪৬৬/১৯৯ ধাৰাৰ অধীনত এক নিজাববীয়া গোচৰ তৰি তদন্ত আৰম্ভ কৰিছিল ।
লগতে পঢ়ক মুখ্যমন্ত্ৰীৰ ড্ৰাগছ মুক্ত অসমৰ সপোন বাস্তবত ৰূপায়িত হ’বনে