নিউজ ডেস্কঃ ৰাজ্যখনৰ কোভিড-১৯ পৰিস্থিতিৰ ক্ৰমে অধিক অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে।
কভিড সৃষ্ট পৰিস্থিতিৰ বাবে অসমত অনিৰ্দিষ্টকাললৈ পিছুৱালে হাইস্কুল শিক্ষান্ত পৰীক্ষা-হাইমাদ্ৰাছা পৰীক্ষা।
এইকথা জনালে ছেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।
১১ মে’ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল লিখিত পৰীক্ষা।
পৰিস্থিতি স্বাভাৱিক হ’লে পুনৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব বুলি জনালে ছেৱাৰ অধ্যক্ষ গৰাকীয়ে।
উল্লেখ্য যে,ৰাজ্যখনত সোমবাৰে ৪০০০তকৈয়ো অধিক কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে।
ৰাজ্যখনত বৰ্তমান সক্ৰিয় কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যাই ২৬,০০০ৰ সীমা অতিক্ৰম কৰিছে।
ৰাজ্যখনত মুঠ সক্ৰিয় কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা হৈছে ২৬৪৭৭জন।
সোমবাৰে অসমত কোভিড-১৯ত আক্ৰান্ত হৈ ২৯জন লোকৰ মৃত্যু ঘটিছে।