গোৰেশ্বৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত দুই দোমোজাত শিক্ষা বিভাগ। পৰীক্ষা অনুষ্ঠিত কৰা-নকৰাক লৈ শিক্ষা বিভাগে নিশ্চয়তা প্ৰদান কৰিব নোৱাৰাত হতাশাত ভুগিছে একাংশ ছাত্ৰ-ছাত্ৰী।
ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলোৱে পৰীক্ষা অনুষ্ঠিত কৰাতো বিচাৰিছে যিহেতু জীৱনৰ প্ৰথমটো বৰ্ড পৰীক্ষা ছাত্ৰ-ছাত্ৰীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ।
আৰু পঢ়কঃহাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ছেবা কৰ্তৃপক্ষ’ৰ সৈতে ‘আছু’ৰ বৈঠক
এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব নে নোৱাৰিব বুলি দোমোজাত থকা হেতুকে উচ্চশিক্ষাক লৈ অনিশ্চয়তাত ভুগিছে প্ৰায় সাত লাখ ছাত্ৰ-ছাত্ৰী।
এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ মুঠ চাৰি লাখ চল্লিশ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দুই লাখ পঞ্চাশ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অৱৰ্ত্তীণ হ’ব । সৰ্বমুঠ ছয় লাখ নব্বৈ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অনিশ্চয়তাত দিন কটাব লগীয়া হৈছে।
কি হ’ব তেওঁলোকৰ ভবিষ্যত? ১৮জুনত শিক্ষা বিভাগৰে ছাত্ৰ সংগঠনে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে আলোচনা অনুষ্ঠিত হোৱাৰ কথা আছে সেয়েহে এই ক্ষেত্ৰত এক সুষ্ঠিৰ সিদ্ধান্ত লৈ ছাত্ৰ-ছাত্ৰীক চাপ মুক্ত কৰিবলৈ আহ্বান ছাত্ৰ-ছাত্ৰীৰ।