গুৱাহাটী– ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰেক্টিকেল পৰীক্ষাৰ সূচী ঘোষণা। ৰাজ্যৰ ৬৫১ টা পৰীক্ষা কেন্দ্ৰত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষাসমূহ। ৩৫ হাজাৰ পৰীক্ষাৰ্থী বহিব এইবাৰ প্ৰেক্টিকেল পৰীক্ষাত। ইতিমধ্যে পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডসমূহ প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।
ছেবাই ঘোষণা কৰা অনুসৰি ব’ৰ্ডৰ অধীনৰ ২৭ টা বিষয়ৰ ভিতৰৰ ১৪ টা বিষয়ৰ প্ৰেক্টিকেল পৰীক্ষা উক্ত সূচী অনুসৰি অনুষ্ঠিত হ’ব। থিয়’ৰীৰ পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰসমূহতে উক্ত প্ৰক্টিকেল পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব।
আনহাতে পৰীক্ষা বহী আৰু পৰীক্ষাৰ অন্যান্য গোপনীয় তথা যাৱতীয় সামগ্ৰীসমূহ বিধানসভা নিৰ্বাচনৰ পিছতে পৰীক্ষা কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হ’ব।
উল্লেখ্য যে ছেবাই ইতিপূৰ্বে ২০২১ বৰ্ষৰ মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ পৰীক্ষা অহা ১১ মে’ৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল।
২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰেক্টিকেল পৰীক্ষাৰ সূচী ঘোষণা
অহা ৪ আৰু ৫ মাৰ্চত প্ৰেক্টিকেল পৰীক্ষাসূমহ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ছেবাৰ
