গুৱাহাটীঃ ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাৰ লগে লগে ছেবাই ঘোষণা কৰিলে ফলাফল। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৪,০৫,৫৮২ জন পৰীক্ষাৰ্থী।
আজি ঘোষিত ফলাফল অনুসৰি, হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে লখিমপুৰ জিলাৰ ছেণ্ট মেৰিজ হাইস্কুলৰ ৰক্তোৎপল শইকীয়াই । ৫৯৭ নম্বৰ লাভ কৰি লখিমপুৰ লৈ গৌৰৱ কঢ়িয়াই আনিলে ৰক্তোৎপলে ।
দ্বিতীয় স্থান দখল কৰিলে নলবাৰী জিলাৰ লিটিল ফ্লাৱাৰ স্কুলৰ ভূয়সী মেধি আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ ড’নবস্ক’ হাইস্কুলৰ মৃদুপৱন কলিতাই। ভূয়সীয়ে লাভ কৰিছে ৫৯৬নম্বৰ আৰু মৃদুপৱনে ৫৯৫ নম্বৰ।
তৃতীয় স্থান দখল কৰিলে ডিব্ৰুগড় জিলাৰ বৈৰাগীমঠৰ ড’নবস্ক’ হাইস্কুলৰ লাবিজ মুজিব (৫৯৫) আৰু বিহপুৰীয়াৰ লোহিত ডিক্ৰং হাইস্কুলৰ পাৰ্থ প্ৰতীম দাসে(৫৯৫)।
চতুৰ্থ স্থান দখল কৰিলে বৰপেটা জিলাৰ আনন্দৰাম বৰুৱা একাডেমী হাইস্কুলৰ স্বপ্নৰাজ কলিতা (৫৯৪), গোলাঘাটৰ দয়ানন্দ বিদ্যা নিকেতনৰ স্নেহা শইকীয়া(৫৯৪), যোৰহাট জিলাৰ বাঘচুঙৰ ড’নবস্ক’ হাইস্কুলৰ সমাদ্ৰিতা শৰ্মা (৫৯৪) আৰু তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ড’নবস্ক’ হাইস্কুলৰ অন্বেষা বৰাই(৫৯৪)।
পঞ্চম স্থান দখল কৰিলে বৰপেটা জিলাৰ পালহাজি হাইস্কুলৰ জুৱেইৰ হুছেইন(৫৯৩), দৰং জিলাৰ নগাঁও আঞ্চলিক হাইস্কুলৰ প্ৰাণজিত বৰদলৈ (৫৯৩), যোৰহাট জিলাৰ বেন গাৰ্ডেন হাইস্কুলৰ ছেহনাজ অঞ্জুম য়াছমিন (৫৯৩) আৰু লখিমপুৰ জিলাৰ ছেন্ট মেৰিজ হাইস্কুলৰ ইকুৱেট অব্বত দত্ত(৫৯৩)।


ষষ্ঠ স্থান দখল কৰিলে গোৱালপাৰা জিলাৰ মাটিয়াৰ চেন্ট ছেবাষ্টিয়ানছ স্কুলৰ বিতুপন মেধি(৫৯২), নলবাৰী জিলাৰ লিটিল ফ্লাৱাৰছ স্কুলৰ মুৰ্চ্ছনা বৰ্মন(৫৯২)।
সপ্তম স্থান দখল কৰিলে বৰপেটা জিলাৰ আনন্দৰাম বৰুৱা একাডেমী হাইস্কুলৰ জ্যোতিপল তালুকদাৰ(৫৯১), লখিমপুৰ জিলাৰ পিঠাগুৰিৰ জৱাহৰজ্যোতি হাইস্কুলৰ শৰ্মিষ্ঠা ভাগৱতী(৫৯১), শিৱসাগৰৰ ফুকন নগৰৰ নিউলুক একাডেমিৰ প্ৰিয়ানুজ বৰদলৈ(৫৯১), শিৱসাগৰৰ ডিমৌ গাৰ্লছ হাইস্কুলৰ দীপশিখা বৰুৱা (৫৯১), কামৰূপ মেট্ৰ’ৰ ছেন্ট মেৰিজ হাইস্কুল,গুৱাহাটীৰ অশ্লেষা শৰ্মা(৫৯১), কামৰূপ মেট্ৰ’ৰ তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ নিশা শৰ্মা(৫৯১)।
অষ্টম স্থান দখল কৰিলে বৰপেটা জিলাৰ পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুলৰ হৰ্ষিত বৰ্মন(৫৯০), যোৰহাট জিলাৰ বাঘচুঙৰ ড’নবস্ক’ হাইস্কুলৰ অলিভিয়া বৰা(৫৯০), নগাঁও জিলাৰ খ্ৰীষ্টজ্যোতি স্কুলৰ ক্ৰমে ৰাজনন্দিনী বৈদ্য(৫৯০), তেজল আগৰৱাল(৫৯০), উদেষ্ণা বৰদলৈ(৫৯০), শোণিতপুৰ জিলাৰ বৰছলা হাইস্কুলৰ নেহা উপাধ্যায়(৫৯০)।
নৱম স্থান দখল কৰিলে বৰপেটা জিলাৰ পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুলৰ ডিভাইন এ পি শৰ্মা(৫৮৯), দৰং জিলাৰ,ছিপাঝাৰৰ হেপী চাইল্ড ইংলিছ স্কুলৰ আকাশদ্বীপ ভূঞা(৫৮৯), ডিব্ৰুগড় জিলাৰ চল্টব্ৰুক স্কুলৰ ধৃতিষ্মান দত্ত(৫৮৯), কামৰূপ জিলাৰ অল আমিন ইছলামিক মডেল স্কুলৰ তবিবুল হক(৫৮৯), লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমিৰ পাৰ্থপ্ৰতীম বৰা(৫৮৯), মৰিগাঁও জিলাৰ চৰাইবাহীৰ শংকৰদেৱ বিদ্যা নিকেতনৰ বিদিশা নাথ(৫৮৯), নগাওঁ জিলাৰ ধিঙৰ খ্ৰীষ্টজ্যোতি স্কুলৰ সৃষ্টিনন্দা কাশ্যপ (৫৮৯), শিৱসাগৰ জিলাৰ হলীনেম স্কুলৰ এৰিন ভূঞা(৫৮৯), শিৱসাগৰ জিলাৰ নিতাইপুখুৰীৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ জ্যোতিৰ্ময় দত্ত(৫৮৯), কামৰূপ মেট্ৰ’ৰ জি.ইউ মডেল হাইস্কুলৰ অনাসূয়া ঠাকুৰীয়া(৫৮৯)।

দশম স্থান দখল কৰিলে বৰপেটা জিলাৰ নৱমিলন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ আলমিনা খাতুন(৫৮৮), বঙাইগাঁও জিলাৰ বঙাইগাঁও হাইস্কুলৰ অনুভৱ কপিল (৫৮৮), কাছাৰ জিলাৰ হলী ক্ৰছ হাইস্কুলৰ বিশ্বদ্বীপ নাথ(৫৮৮), ডিব্ৰুগড় জিলাৰ টেঙাখাত জাতীয় বিদ্যালয়ৰ অনিকংকনা গগৈ(৫৮৮), ডিব্ৰুগড় জিলাৰ লিটিল ফ্লাৱাৰ হাইস্কুলৰ অনন্যা ভৰদ্বাজ(৫৮৮), লখিমপুৰ জিলাৰ ছেন্ট মেৰিজ হাইস্কুলৰ অয়ন মিত্ৰ (৫৮৮) আৰু মৰিগাঁও জিলাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ কৌস্তৱ জ্যোতি নাথ(৫৮৮), নগাঁও জিলাৰ ধিঙৰ খ্ৰীষ্টজ্যোতি স্কুলৰ উদিতি দাস(৫৮৮), নলবাৰী জিলাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ক্ৰমে দিব্যজ্যোতি লহকৰ (৫৮৮),ধৃতিস্মিতা ডেকা৫৮৮), শিৱসাগৰ জিলাৰ শ্ৰীসুন্দৰমল মডাৰ্ণ স্কুলৰ ক্ৰমে হিমাংশু দাস (৫৮৮),ৰক্তোত্পল বৰা (৫৮৮), শোণিতপুৰ জিলাৰ তেজপুৰৰ ছেক্ৰিড হাৰ্ট স্কুলৰ কল্লোল বিশ্বাস (৫৮৮), কামৰূপ মেট্ৰ’ৰ অসম জাতীয় বিদ্যালয়, নুনমাটিৰ সৌৰভ বৰ্মন (৫৮৮), কামৰূপ মেট্ৰ’ৰ ছাত্ৰীবাৰীৰ নিকোলছ হাইস্কুলৰ মায়াংক আগৰৱাল (৫৮৮), কামৰূপ মেট্ৰ’ৰ ছেইণ্ট ষ্টিফেনছ স্কুল, গুৱাহাটী জুৰিস্মা চক্ৰৱৰ্তী (৫৮৮, মাজুলী জিলাৰ শংকৰদেৱ শিশু নিতেকন, বনগাঁও, অনুৰাগ বৰা(৫৮৮), নগাওঁ জিলাৰ ছেইণ্ট বনিফেচ হাইস্কুলৰ মহম্মদ হাম্মাদুৰ ৰহমান (৫৮৮)।