গুৱাহাটী : শুকুৰবাৰে ঘোষণা কৰা হয় ২০২১ বর্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ মুঠ ৪২৬৫৫৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩৯৭১৩২ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় হাই স্কুল শিক্ষান্ত পৰীক্ষাত। এইবাৰ উত্তীৰ্ণ হাৰ ৯৩.১০ শতাংশ। ছাত্ৰীৰ তুলনাত ছাত্ৰৰ ফলাফল ভাল।

যোৱা বছৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ আছিল ৬৪.৮০ শতাংশ। এইবাৰ ক’ভিড মহামাৰীৰ বাবে পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ ফলত বিশেষ পদ্ধতিৰে হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ শৈক্ষিক মূল্যায়নৰ ফলাফল ঘোষণা কৰা হয়। এই পদ্ধতিত এইবাৰ উত্তীৰ্ণৰ হাৰে স্পৰ্শ কৰিছে ৯৩.১০ শতাংশৰ ঘৰ।

পৰীক্ষাৰ ফলাফল

এইবাৰ মুঠ ৪২৬৫৫৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩৯৭১৩২ গৰাকী উত্তীৰ্ণ হৈছে। এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰৰ সংখ্যা আছিল ১৯৭৫৬৫। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৪১৬৫৯ জন ছাত্ৰ, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৭৪৪১০ জন ছাত্ৰ আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬৮৩৪২ ছাত্ৰ। মুঠ ১৮৪৪১১ জন ছাত্ৰ উত্তীৰ্ণ হয়।

আনহাতে মুঠ ২২৮৯৮৮ গৰাকী ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ হৈছে ২১২৭২১ গৰাকী ছাত্ৰী। ইয়াৰে ৪৬৮৬২ গৰাকী প্ৰথম বিভাগত, ৮৫৮৮৮ গৰাকী দ্বিতীয় বিভাগত আৰু ৭৯৯৭১ গৰাকী ছাত্ৰী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ছাত্ৰীৰ ৯২.৯০ শতাংশ উত্তীৰ্ণৰ হাৰৰ বিপৰীতে ছাত্ৰত উত্তীৰ্ণৰ হৈছে ৯৩.৩৪।

ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰত এইবাৰ সৰ্বাধিক পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা জিলাখন হৈছে বিশ্বনাথ। বিশ্বনাথ জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.৪০ শতাংশ। আনহাতে সৰ্বনিম্ন পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা জিলাখন হৈছে হোজাই। হোজাইৰ উত্তীৰ্ণ হাৰ হৈছে ৮৩.৪৯ শতাংশ।

লগতে পঢ়ক : ছেমিত লাভলীনা, অলিম্পিক পদক নিশ্চিত কৰি অভিলেখ অসমকন্যাৰ

ইফালে হাই মাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ হৈছে ৯৩.১৮ শতাংশ। ১২২৭৫ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত ১৭৫৯ গৰাকী, দ্বিতীয় বিভাগত ৫৫৮৬ গৰাকী আৰু তৃতীয় বিভাগত ৪০৯৩ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৫৮ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯৩ শতাংশ। মুখ্যমন্ত্ৰীয়ে ফলাফলকলৈ ছাত্ৰ-ছাত্ৰী সকলক আত্মসন্তুষ্টি লোৱাৰ পৰিবৰ্তে উচ্চৰত মাধ্যমিকত ভালকৈ পঢ়ি ভাল ফলাফল আজুৰি আনিবলৈ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply