গুৱাহাটী : ৩০ জুলাইত ঘোষণা হ’ব হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ অনুষ্ঠিত হোৱা নাই হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ।
ছেবাৰ বৈঠকত ৩০ জুলাইত ফলাফল ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ছেবাৰ কৰ্তৃপক্ষই ৩০ জুলাইত হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা অৱগত কৰিছে।
উল্লেখ্য যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে পৰীক্ষা অনুষ্ঠিত নোহোৱাৱ ৰাজ্যৰ শিক্ষা বিভাগে ৩১ জুলাইৰ পূৰ্বে ফলাফল ঘোষণা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল।
লগতে পঢক : দেশত যোৱা ২৪ ঘণ্টাত পুনৰ বৃদ্ধি পালে ক’ভিড সংক্ৰমণৰ হাৰ
ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশৰ পিছতে ছেবাই ৩০ জুলাইত হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰীক্ষাৰ্থীসকলে এছ এম এছযোগে লাভ কৰিব ফলাফল। পৰীক্ষা কেন্দ্ৰ সমূহলৈ ছেবাই ৰিজাল্ট পিডিএফ ৰূপে প্ৰেৰণ কৰিব।