নগাঁও : পৰীক্ষা অবিহনে ঘোষণা কৰা মেট্ৰিকৰ ফলাফলকলৈ ছাত্ৰ ছাত্ৰীৰ ক্ষোভ – অসন্তুষ্টি অব্যাহত আছে । অনুতীৰ্ণ হোৱা একাংশ ছাত্ৰ ছাত্ৰীয়ে মূল্যায়ণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলিছে ।
নগাঁও চহৰৰ হয়বৰগাওঁ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাৰ্থী আছিল ৭১ গৰাকী । তাৰে ৩১ গৰাকী ছাত্ৰ ছাত্ৰী অনুতীৰ্ণ হৈ ৰয় ।
অনুতীৰ্ণ একাংশ ছাত্ৰ ছাত্ৰীয়ে আজিও বিদ্যালয়লৈ আহি তেওঁলোকক ফেইল কৰোৱা বাবে প্ৰধান শিক্ষয়িত্ৰীৰ ওপৰত ক্ষোভ উজাৰে ।
এগৰাকী ছাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে এক দুই নম্বৰৰ বাবে ছাত্ৰ ছাত্ৰীক ফেইল কৰোৱা হৈছে । অতি গাধ ছাত্ৰীকো পাছ কৰাই দিয়া হৈছে । প্ৰতিবাদ নকৰিবৰ বাবে ছাত্ৰ ছাত্ৰী সকলক ভয় ভাবুকিও দিয়া হৈছে বুলি অভিযোগ উঠিছে ।
লগতে পঢ়ক অসমৰ ব্যৱসায়িক ধন দাবী নগা উগ্ৰপন্থী সংগঠন এনএছচিএনৰ