গুৱাহাটী: পল্টন বজাৰ ৰেলৱে ষ্টেচনত আজি বৃহৎ পৰিমানৰ নগদ ধন জব্দ কৰিছে। জব্দ কৰা ধন খিনিৰ পৰিমান ১ কোটি ৪৮ লাখ ৬ হাজাৰ ১০০টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
তেজচ এক্সপ্ৰেচ যোগে দিল্লীলৈ নিব ওলাইছিল টকাখিনি ৷আগৰতলাৰ পৰা অহা ৰেলখন
পল্টনবজাৰ ষ্টেচন সোমোৱা গেটতে টকাখিনি জব্দ কৰা হয়। অৰুনাচলৰ পৰা আহি সোমবাৰে হোটেলত বাহৰ পাতিছিল দলটোৱে। আজি দিল্লীলৈ যোৱাৰ পৰিকল্পনা কৰিছিল।
এই ঘটনাৰ সৈতে তিনিজনক আটক কৰিছে। অভিষেক শৰ্মা, উমেশ চান্দ শৰ্মা আৰু পবন কুমাৰ নামৰ তিনিজনৰ দুজনৰ ঘৰ উত্তৰ প্ৰদেশত আৰু এজনৰ বিহাৰত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক-আনন্দ মিশ্ৰ আতৰিল যদিও নগাৱত এনকাউন্টাৰ বন্ধ হোৱা নাই