নিউজ ডেস্ক: হাতীগাঁও আৰক্ষীয়ে বুধবাৰে অৰুণোদয় পথত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰী দুটা ক্রমে জেহেৰুল ইছলাম (২৪) আৰু জাহাৰুল ইছলাম (৩০)৷
আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত খানকা অৰুণোদয় পথৰ এটা বাসগৃহত অভিযান চলাই ড্রাগছ খিনি জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা তিনিটা ম’বাইল, প্রায় ১০০ গ্রাম হেৰ’ইন, নগদ ধন জব্দ কৰে৷ সম্প্রতি হাতীগাঁও আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীকেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷