যোৰহাটঃ যোৰহাটত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। দেওবাৰে নিশা যোৰহাটৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী।
যোৰহাটৰ উপ আৰক্ষী অধীক্ষক বিভাস দাস, ৰাজীৱ দাস, আই .চি উজ্জ্বল গোস্বামীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মাছৰহাটৰ সঞ্জয় শইকীয়াৰ ঘৰত অভিযান চলাই ১৩গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে।
আৰু পঢ়কঃএকমাত্ৰ চিকিৎসকজন আক্রান্ত ক’ভিডত : চিকিৎসক অবিহনে চলিছে চিকিৎসালয়
সঞ্জয় শইকীয়াক আৰক্ষীয়ে সোধা-পোছাৰ অন্তত লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি তিতাবৰ আৰক্ষীথানাৰ অন্তৰ্গত গড়গুৰিৰ অংকুৰ দাস আৰু বিটু দাসৰ ঘৰত আৰক্ষীয়ে অভিযান চলায়।
আৰক্ষীয়ে দুয়োজনৰে ঘৰত অভিযান চলাই ১৬কেজি গাঞ্জা, নগদ ২লাখ১০হেজাৰ টকা ,চাৰিটা ম’বাইল ফোন জব্দ কৰে।
তিনিওজনকে আৰক্ষীয়ে আটক কৰি সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ৷