নিউজ ডেস্ক: কাৰ্বি আংলং জিলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে, শনিবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।
জিলাখনৰ আৰক্ষী অধীক্ষক সঞ্জীৱ নাৰায়ণে জনোৱা মতে এক গোপন সূত্ৰৰ পম খেদি ডিফু-ধনশিৰি পথৰ সমীপৰ এখন বনাঞ্চলৰ হাতী শিবিৰৰ ভিতৰত পুতি থোৱা অৱস্থাত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদসমূহ উদ্ধাৰ কৰা হয়।
জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে দুটা গ্ৰেনেড, ৬৯ টা সক্ৰিয় গুলী AK-47 ৰাইফলৰ এটা মেগাজিন, ১২ টা SLR আৰু দুটা পিষ্টলৰ মেগাজিন।
আৰক্ষীয়ে জনোৱা মতে, প্ৰায় চাৰি মাহ পূৰ্বে উগ্ৰপন্থী সংগঠন ডিমাচা নেচনেল লিবাৰেচন ট্ৰাইবেল (DNLT)-এ এই গোলাবাৰুদ পুতি থোৱা বুলি সন্দেহ কৰা হৈছে।
ইয়াৰ সৈতে উগ্ৰপন্থীসকলক আটক কৰাৰ বাবে আৰক্ষীয়ে অনুসন্ধান চলাই আছে বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক – মিছ টুৰিজিম এম্বেছাডৰ এছিয়া পেচিফিক ২০২২ খিতাপ অৰ্জন অসম কন্যা দীপ্তি চেত্ৰীৰ