প্ৰবল ভূমিকম্পত মাটি ফাটি ভূগৰ্ভৰ পৰা ওলাল পানী
প্ৰবল ভূমিকম্পত মাটি ফাটি ভূগৰ্ভৰ পৰা ওলাল পানী

নিউজ ডেস্কঃ বুধবাৰে পুৱাই প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য।

ভূমিকম্পৰ ফলত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বহুতো ক্ষয়-ক্ষতি হয়।

ঢেকীয়াজুলি সমষ্টিৰ  মিছামাৰীৰ এটা অঞ্চলত লাকুপাৰা বঙাল গাঁৱত মাটি ফাটি ভূগৰ্ভৰ  পৰা ওপৰলৈ তীব্ৰ গতিত বৈছে জলশ্ৰোত ।

আৰু পঢ়কঃভূমিকম্পত প্ৰাণ গ’ল এজনৰ

ওদালগুৰিতো নদীৰ শুকান বুকু ফাঁট মেলি বহু স্থানত নিগৰিছে পানী।

ইফালে ভূমিকম্পৰ ফলত ভৈৰৱ কুণ্ড পাহাৰৰ একাংশ খহি পৰে ।  বনভোজস্থলী ভৈৰৱকুণ্ডত এই অঘটন।

ভূমিকম্পত নগাঁৱতো বিস্তৰ ক্ষতিসাধন হৈছে। চহৰখনৰ ফৌজদাৰীপট্টিৰ কাঠমিল চাৰিআলিস্থিত জগদীশ প্ৰসাদ নামৰ এগৰাকী ঠিকাদাৰৰ নৱনিৰ্মিত অট্টালিকাটো হেলনীয়া গৈ কাষৰ এটা অট্টালিকাৰ গাত লাগি যায়।

আৰু পঢ়কঃসমগ্ৰ ৰাজ্যতে পুৱাই কঁপাই গ’ল ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণিয়ে

অট্টালিকাটো বৰ্তমানেও নিৰ্মীয়মান অৱস্থাতে আছে। ভূমিকম্পৰ সময়ত অট্টালিকাটোত দুটা পৰিয়ালৰ ৫ জন সদস্য আছিল যদিও সৌভাগ্যক্ৰমে তেওঁলোক ৰক্ষা পৰে।

নগাঁৱত কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰো বহু ক্ষয়- ক্ষতি হৈছে। আৰক্ষী সঞ্চালকৰ কাৰ্যালয়তো ভূমিকম্পৰ ফলত ক্ষতি হোৱাৰ খবৰ আহিছে ।

ভূমিকম্পত বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মন্দিৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰতো বৃহৎ ফাট মেলে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানটো বিস্তৰ ক্ষতি সাধন হয়।
ভূমিকম্পত বটদ্ৰৱা থানৰ কীৰ্তনঘৰৰ মনিকূট গৃহ ভূমিকম্পৰ ফলত ফাট মেলে ।

শোণিতপুৰত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ফাট।শোণিতপুৰৰ বালিপৰাত ফাট মেলিছে ৰাষ্ট্ৰীয় ঘাইপথত। ঘাইপথটোৰ মাজতে দীঘলে দীঘলে ফাট মেলা পৰিলক্ষিত হৈছে।

ভূমিকম্পত বিস্তৰ ক্ষতি হৈছে ওদালগুৰি,ঢেকিয়াজুলী,তেজপুৰ।

ডবকাত ক্ষতি হৈছে মচজিদ।

ৰঙাপাৰাতো ভূমিকম্পৰ ফলত যথেষ্ট ক্ষয় ক্ষতি হৈছে ।

এই ভূমিকম্পৰ ফলত বিশ্বনাথৰ বিভিন্ন স্থানত ঘৰৰ ৱাল ফাট মেলা খবৰ আহিছে।

তাৰ ভিতৰত বিশ্বনাথৰ গাড়েহাগী গাওত দুজনমান লোকৰ ঘৰৰ ৱাল সামান্য পৰিমানৰ ফাট মেলাৰ লগতে বিহালী সমষ্টিৰ অন্তৰ্গত মোনাবাৰি চাহ বাগিচাৰ অমিত তচাৰ গৃহৰ ৱালতো ফাট মেলিছে।

ইফালে ৰাজ্যজুৰি প্ৰবল জোকাৰণিৰ সৃষ্টি কৰা দুটাকৈ ভূমিকম্পত বিশ্বনাথৰ পাভৈ সংযোগী গড়কাপ্তানী পথৰ দলংত বৃহৎ ফাট ।

ভূমিকম্পৰ ফলত ৰঙিয়া বঙালীকুছি ৰেল দলঙৰ কেইবাটাও অংশত বৃহৎ ফাট মেলা পৰিলক্ষিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply