দুধনৈ : দুধনৈত জব্দ আঢ়ৈ কোটি টকাৰ ড্ৰাগছ। বৃহৎ পৰিমাণৰ এই ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি ড্ৰাগছ সৰবৰাহকাৰী। নাগালেণ্ডৰ পঞ্জীয়ন নম্বৰ থকা উইংগাৰ বাহনৰ পৰা জব্দ ড্ৰাগছ। বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে ড্ৰাগছখিনি লৈ যোৱাৰ চেষ্টা চলাওঁতে আৰক্ষীৰ জালত পৰে।

গোৱালপাৰা জিলাৰ দুধনৈৰ ৰংচাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমিত তালুকদাৰ আৰু দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলাল মহন্তৰ নেতৃত্বত দুধনৈ আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। দুই আৰক্ষী বিষয়াৰ নেতৃত্বত দুধনৈ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

নাগালেণ্ডৰ নাগালেণ্ডৰ পঞ্জীয়ন নম্বৰ থকা উইংগাৰ বাহন এখন ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাত ৰংচাই আৰু দুধনৈ আৰক্ষী থানাৰ দুই বিষয়াই বাহনখনত তালাচী চলাই ৪০ হাজাৰ নিচাজাতীয় টেবলেট আৰু ২৫০ গ্ৰাম হেৰ’ইন জব্দ কৰে।

লগতে পঢ়ক : উদ্ধাৰ হোৱা মৃতদেহটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰৰ বুলি নিশ্চিত

এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আৰক্ষীয়ে তিনি ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰী তিনিজনৰ এজন মণিপুৰৰ, এজন নাগালেণ্ডৰ আৰু এজন দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply