তেজপুৰঃ তেজপুৰত বৃহৎ পৰিমাণৰ গো মাংস জব্দ। এখন বাহনত মাছ আৰু ব্ৰইলাৰ মাংসৰ কাৰ্টুনত লুকুৱাই নিয়া অৱস্থাত বৰঘাট আৰক্ষীয়ে জব্দ কৰিলে ৩ কুইণ্টল গো মাংস।
ছয়টা কাৰ্টুনত ভৰাই অৰুণাচলৰ টাৱাঙলৈ নিবলৈ লোৱা হৈছিল এই গো মাংস খিনি। আৰক্ষীয়ে জনোৱা মতে এটা চক্ৰই চোৰাংকৈ গৰু কাটি এনেদৰে অসমৰ বাহিৰলৈ গো মাংস বিক্ৰী কৰে। এই ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গাড়ী চালক ৰোছন টামাং আৰু মজিবুৰ ৰহমানক আটক কৰিছে ।

বৰঘাট আৰক্ষীয়ে এই সন্দৰ্ভত কয়, আজি পুৱতি নিশা এই বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আমি অভিযান চলাই মাছৰ কাৰ্টুন আৰু ব্ৰয়লাৰ কাৰ্টুনৰ ভিতৰত সন্দেহযুক্ত গোমাংস উদ্ধাৰ কৰো। বৰ্তমান জব্দ কৰা গো মাংসখিনি পৰীক্ষা কৰা হ’ব। এই ঘটনাৰ লগত জড়িত চালক আৰু দোলাবাৰী চাৰিআলিৰ এজন বাসিন্দাক আটক কৰিছো।