মানকাচৰ : পুনৰ আৰক্ষী আৰু চি আৰ পি এফৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। মানকাচৰৰ অসম-মেঘালয় সীমান্তত আৰক্ষী আৰু চি আৰ পি এফৰ নাকা চেকিংত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। গ্ৰেপ্তাৰ ৬ জনকৈ ড্ৰাগছ সৰবৰাহকাৰী।
এফালে অসম আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা আনফালে ড্ৰাগছ সৰবৰাহকাৰীয়ে কেৰেপ নকৰে আৰক্ষীক। এফালে আৰক্ষীয়ে জ্বলাইছে কোটি কোটি টকাৰ জব্দকৃত ড্ৰাগছ আনফালে ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। সহজে ধন ঘটাৰ লোভত ড্ৰাগছ সৰবৰাহকাৰীয়ে ভয় নকৰা হৈছে আৰক্ষীক।
বিগত দুমাহ ধৰি অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যৰ প্রান্তে প্রান্তে জব্দ কৰিছে ড্ৰাগছ, গ্ৰেপ্তাৰ কৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰীক। ইয়াৰ মাজতো কিন্তু ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। প্ৰতিদিনে ৰাজ্যত বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ হৈ থকাৰ মাজতে এইবাৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তত আৰক্ষী আৰু চি আৰ পি এফৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট।
এমএল-০৮-জি-৬২০৩ নম্বৰৰ এটা মাল ভৰ্তি পিক আপ ভেনত তালাচি চলাই আৰক্ষী আৰু চি আৰ পি এফে জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। মানকাচৰৰ কুচনিমাৰা জোৰডাঙ্গা এলেকাৰ পৰা দেওবাৰে নিশা প্ৰায় ১.৩০ বজাত শাক পাচলি লৈ মেঘালয়লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে বাহনখনত তালাচি চলাই নিচাজাতীয় টেবলেটখিনি জব্দ কৰে। আৰক্ষীয়ে নিচাজাতীয় টেবলেটখিনি জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক : লখিমপুৰত কৰোনা যোদ্ধাৰ প্ৰতিবাদী কাৰ্য্যসূচী
গাড়ীখন চালক মোকছেদুল হকসহ গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে ক্ৰমে ৰাজু বেপাৰী, মনোৱাৰ হুছেইন, আখিৰুল ইছলাম, নুৰ নবী আৰু ছেলিম মিঞা। চালকজনৰ বাহিৰে ধৃত আটাইকেজন পাচলি ব্যৱসায়ী বুলি জানিব পৰা গৈছে। সহজে ধন ঘটাৰ লোভত এতিয়া পাচলি ব্যৱসায়ীয়ে ড্ৰাগছৰ ব্যৱসায়ত নামি পৰিছে।