তেজপুৰ : আবকাৰী বিভাগৰ অভিযানত পুনৰ জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা। শোনিতপুৰ জিলাৰ ১৮ মাইলত অবকাৰী বিভাগে বৃহৎ পৰিমাণৰ অবৈধ সুৰাসহ আটক কৰে এজনক।

মঙলবাৰে পুৱাৰ ভাগত শোনিতপুৰ জিলাৰ ১৮ মাইলত আবকাৰী বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। এটা দুষ্ট চক্ৰই দীর্ঘদিন ধৰি অবৈধভাৱে সুৰা সৰবৰাহ কৰি আছিল। অৰুণাচলৰ পৰা অহা ট্ৰাক এখনত অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰাখিনি জব্দ কৰা হয়।

লগতে পঢ়ক :  মানকাচৰৰ তেলঢালা হত্যাকাণ্ডৰ আন এজন অভিযুক্ত গ্ৰেপ্তাৰ

অৰুণাচলৰ ভালুকপুংৰ পৰা অসমৰ মাজৰে নাহৰলগনলৈ অবৈধভাৱে সুৰা সৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় চলাই অহা চক্ৰটোক শোনিতপুৰ জিলা আৱকাৰী বিভাগে ধৰা পেলাবলৈ সক্ষম হয়। অভিযানৰ কালত ৪০০ কাৰ্টুন বিভিন্ন ব্ৰেণ্ডৰ সুৰা জব্দ কৰা লগতে গাড়ীখনৰ চালক জনক আটক কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply