মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ দিয়াৰা বজাৰত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এজন লোকৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে। এক গোপন সূত্ৰৰ পোম খেদি জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক এছ চাংচানৰ নেতৃত্বত মানকাচৰ আৰক্ষীৰ এটা দলে অভিযান চলায়।

নিশাৰ ভাগত দিয়াৰা বজাৰত থকা প্ৰয়াত মতিলাল ৰবিদাসৰ পুত্ৰ ৰাজ কুমাৰ ৰবিদাসৰ ঘৰত অভিযান চলায় আৰক্ষীৰ দলটোৱে। এই অভিযানত আৰক্ষীয়ে ঘৰখনৰ পৰা ১৯ বটল ৰয়েল ষ্টেজ, ৮৬ বটল অফিচাৰ চয়েজ ব্লু, ৯৫ বটল অফিচাৰ চয়েজ, ১৬ বটল ১ নং এম চি ডয়েলছ, ৫ বটল এম চি ডয়েল নম্বৰ ১ ৰাম, ২২ বটল কিংফিছাৰ বীৰ আৰু নগদ ৫৩৭০ টকা জব্দ কৰে।

লগতে পঢ়ক : ৱেব পৰ্টেলৰ জৰিয়তে গুৱাহাটীবাসীয়ে ক্ৰয় কৰিব পাৰিব সুৰা

আৰক্ষীৰ এই অভিযানৰ সময়তে সুৰা ব্যৱসায়ী ৰাজ কুমাৰ ৰবিদাস পলায়ন কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সুৰা ব্যৱসায়ীজনৰ বিৰুদ্ধে নিজাববীয়াকৈ এটা গোচৰ ৰজু কৰিছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে সুৰা ব্যৱসায়ীজন দীৰ্ঘদিনৰ পৰা অবৈধভাৱে অঞ্চলটোত সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সুৰা অবৈধভাৱে সৰবৰাহ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply