নগাঁওঃ আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসৰ দিনটোতে মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে দাহ কৰিলে বহু বিতৰ্কিত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা।

এই আইন খনে সামৰিক বাহিনীক বিশেষ ক্ষমতা অধিকাৰ প্ৰদান কৰিছে। এই আইন খনৰ ক্ষমতাত বলিয়ান হৈ সামৰিক বাহিনীয়ে অসমৰ বহু যুৱকক পশু-পক্ষীৰ দৰে হত্যা কৰিছে।

এই আইন খনৰ ক্ষমতাৰ বাবেই নাগালেণ্ডৰ মন জিলাত সামৰিক বাহিনীয়ে ১৪ জন নিৰীহ যুৱকক হত্যা কৰিছিল। তাৰে প্ৰতিবাদত শুকুৰবাৰে নগাঁৱত বহু বিতৰ্কিত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন খন দাহ কৰে।

আনহাতে বৰ্তমানৰ সময়ত ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলত মানৱ অধিকাৰৰ কোনো প্ৰাসংগিকতা নাই বুলি মন্তব্য কৰিলে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সদস্যয়ে।

লগতে পঢ়কঃনগাঁৱত জন্তুৰ দাঁত,গুলী উদ্ধাৰ! আটক যুৱক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,784 other subscribers

Leave a comment

Leave a Reply