তামুলপুৰ : তামুলপুৰৰ ভাৰত-ভুটান সীমান্তত এক মানৱ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে। ভাৰত-ভূটান সীমান্তৰ পৰা গোপনে কিশোৰীক গুজৰাটলৈ নিয়াৰ চেষ্টা। আৰক্ষীৰ অভিযানত উদ্ধাৰ কিশোৰ-কিশোৰী।এএছ-২৭চি-৫২৭২ আৰু এএছ-২৫চি-৭১৯৩ নম্বৰৰ দুখন বাহন জব্দ।

‘বেটি বচাও-বেটি পঢ়াও’ শ্ল’গান দিয়াৰ সময়তে তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ পৰা কৰ্মসংস্থাপন দিয়াৰ নামত চোৰাংভাৱে কিশোৰীক গুজৰাটলৈ নিয়াৰ চেষ্টা চলাওঁতে কিশোৰ-কিশোৰীসহ আটক হৈছে এজেন্ট। সোমবাৰে পুৱাৰ ভাগত কুমাৰীকাটাৰ বালাহাটী গাঁৱৰ পৰা দুখন উইংগাৰ বাহনেৰে গুজৰাট অভিমুখে যাত্ৰা কৰাৰ সময়তে কুমাৰীকাটা আৰক্ষীৰ দলে বাহন কেইখনৰ চালক আৰু এজেণ্টক আটক কৰাৰ লগতে উদ্ধাৰ কৰে কিশোৰীকে ধৰি ২২ গৰাকী লোকক।

কিশোৰীৰ পৰিয়ালৰ লোকক অৱগত নকৰাকৈ ফুচলাই কিশোৰীক গুজৰাটৰ মাছ ফেক্টৰীত কাম দিয়াৰ নামত গোপনে নিয়াৰ সময়তে আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কিশোৰী সৰবৰাহ কৰাৰ এএছ-২৭চি-৫২৭২ আৰু এএছ-২৫চি-৭১৯৩ নম্বৰৰ দুখন বাহন জব্দ কৰে। আৰক্ষীয়ে ইতিমধ্যে দীর্ঘদিন ধৰি মানৱ সৰবৰাহৰ সৈতে জড়িত হৈ থকা এজেন্ট সকলৰ ওপৰত নিজাকৈ গোচৰ ৰুজু কৰিছে।

লগতে পঢ়ক : সীমা সমস্যা : অসমৰ বিৰুদ্ধে মানৱ অধিকাৰ ভংগৰ অভিযোগ মিজোৰামৰ

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ৰাজ্যত আন্তঃজিলা যাতায়ত বন্ধ হৈ থকাৰ সময়ত কিদৰে অসম পৰা গুজৰাটলৈ এই লোক সকলক নিবলৈ সাহস কৰিছিল মানৱ সৰবৰাহকাৰী দলটোৱে। উদ্ধাৰ হোৱা কিশোৰ-কিশোৰী সকলক ৱৰ্ল্ড ভিশ্যন ইণ্ডিয়া নামৰ সংস্থাৰ সহযোগত বাক্সা জিলা শিশু কল্যান সমিতিত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰিছে কুমাৰীকাটা আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,118 other subscribers

Leave a comment

Leave a Reply