আজিৰে পৰা খানাপাৰ পশু চিকিত্সা মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব ৩৮ সংখ্যক ‘হু’নৰ হাট’। এইবাৰৰ ‘হু’নৰ হাট’ত অংশ ল’ব ২৮ খনৰো আধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬০০ৰো অধিক উদ্যোগীয়ে।
দেশৰ সাত শতাধিক শিল্পী আৰু কাৰিকৰে অংশগ্ৰহণ কৰিব । এই ‘হু’নৰ হাট’ ত ৩০০ খন বিপণী স্থাপন কৰা হৈছে য’ত অসমসহ দেশৰ বিভিন্ন প্ৰান্তৰ স্বদেশী দুর্লভ হস্তনিৰ্মিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে তদুপৰি বৃহৎ সংখ্যক মহিলা শিল্পকাৰে এই হাটত অংশ গ্ৰহণ কৰিছে । আনহাতে হু’নৰ হাটত প্ৰায় নোহোৱা হৈ পৰা ঐতিহাসিক চার্কাচ প্ৰদৰ্শৰ ব্যৱস্থা কৰা হৈছে । আনহাতে হু’নৰ হাটৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ দেশৰ প্ৰসিদ্ধ শিল্পীসকলৰ সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰিছে।
এই সাংস্কৃতিক অনুষ্ঠানত সুৰেশ ৱাদকাৰ, মহালক্ষী আয়াৰ, অমিত কুমাৰ, সুদেশ ভোচলে, জুবিন গাৰ্গ, আলতাফ ৰাজা, কল্পনা পাটোৱাৰী, হচমিকা আয়াৰ, অৰ্চনা শর্মা, উপাসনা সিং, দীক্ষু শর্মা, পদ্মনাভ বৰদলৈ, সুনীতা ভূঞা, ৰাণী ইন্দ্ৰাণী, ভূমি মালিক, ৰেখা ৰাজ, মোহিত খান্না, প্ৰিয়া মালিক, ৰিতেশ মিশ্ৰা , গুঞ্জন চক্সেনা, জুনিয়ৰ মেহমুদ, নেহা খান আদি বিশিষ্ট শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব ।
কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ অব্বাছ নকভিয়ে এই ‘হু’নৰ হাট’ৰ জৰিয়তে শিল্পকাৰ, কাৰিকৰসকলে স্বদেশী উৎপাদনসমূহ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰদর্শন আৰু বিক্ৰী কৰাৰ সুবিধা লাভ কৰিছে বুলি সংবাদ মেলত উল্লেখ কৰে ।