ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত কংগ্ৰেছৰ খহনীয়া ৷ ১৫০পৰিয়ালৰ কেইবা শতাধিক কংগ্ৰেছ সমৰ্থকে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে ৷

শুকুৰবাৰে ডিফুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ খেলপথাৰত জিলা বিজেপিৰ দ্বাৰা আয়োজিত শান্তি সমাৰোহত ডেৰ শতাধিক লোকে কংগ্ৰেছ দলত্যাগ কৰি যোগদান কৰে বিজেপিত৷

সমষ্টি ভিত্তিত কাৰ্বি স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত লুম্বাজং,সিংহাসন আৰু ধনশিৰি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছৰ সমৰ্থকৰ যোগদান সভাত KAAC ৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে দলীয় পতাকাৰে আদৰণি জনায়৷

লগতে পঢ়কঃজাতীয় শ্ৰমিক শক্তিৰ অহা ২০ ছেপ্টেম্বৰত ‘দিল্লী যাবই চল’ কাৰ্যসূচী

উল্লেখ্য যে, এই সভাতে কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ টিছো, সম্পাদক খ্ৰীষ্টিনা ফাংছুপি, জৰ্নছ ক্ৰ’, ৰোতন বাংগৰোম আৰু ছিখাৰি ৰংহাঙে বিজেপিত যোগদান কৰে ৷ সভাত বিশিষ্ট অতিথি ৰূপে ভাগ লয় ডিফুৰ সাংসদ হৰেন সিং বে, বিধায়কদ্বয় বিদ্যাসিং ইংলে, দৰসিং ৰংহাং,জিলা বিজেপিৰ সভাপতি ধনসিং টেৰণে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply