নিউজ ডেস্ক – জলপাইগুৰিৰ পিছত একেদৰে নৈৰ কালৰূপে বিপদ মাতিলে শোণিতপুৰত। বিজয়া দশমীৰ দিনা শোণিতপুৰৰ মিছামাৰীৰ গাভৰু নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱা এটা ঘটনাই পুনৰ ৰাইজক আতংকিত কৰি তোলে। উল্লেখযোগ্য যে জিলাখনৰ মিছামাৰী অঞ্চলৰ তাঁতশাল গাঁৱত ৰাৱণ দাহৰ সময়তে কালি বিয়লি সংঘটিত হয় এই ঘটনা৷

সেই সময়ত নৈৰ বালিচৰত ৰাৱণ দাহ চাবলৈ সমবেত হৈছিল বহুসংখ্যক লোক৷ তেনে সময়তে হঠাত নৈখনৰ জলস্তৰ বৃদ্ধি পাই বালিচৰত সমবেত লোকসকলক পানীৰ সোঁতে উটুৱাই নিয়ে৷ পাছত ঘটনাস্থলীৰ পৰা প্ৰায় দুশ মিটাৰ দূৰত্বত একাংশ স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় সকলো লোককে৷

একেদৰে হঠাৎ বৃদ্ধি পোৱা গাভৰু নৈৰ পানীত উটি যোৱা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লক্ষীৰাম কোঁচৰ মৃতদেহ আজি উদ্ধাৰ হয়৷ উল্লেখযোগ্য যে বিজয়া দশমীৰ আনন্দ-উল্লাসৰ মাজতে গৰু চৰাবলৈ গৈ আচম্বিতে বাঢ়ি অহা গাভৰু নৈৰ পানীত উটি যায় অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী৷

মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰিকামাৰীৰ ৬৫ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষীৰাম কোঁচৰ মৃতদেহ গাভৰু নৈৰ বালিচৰত উদ্ধাৰ হোৱাত এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply