দৰঙ্গামেলাঃ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লক ডাউনে কৰ্ম সংস্থাপনহীন কৰি তুলিছে ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাৰ শ শ শ্ৰমিকক ।

কোভিড ১৯ ৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰৱেশ দ্বাৰ সমূহ বন্ধ হৈ পৰিছে।

ভাৰত-ভূটান সীমান্তৰ বিভিন্ন অঞ্চলৰ ব্যৱসায়িক প্ৰতিস্থানসমূহ নিৰ্ভৰ কৰে ভূটানৰ নাগৰিক সকলৰ ওপৰত।

২০২০ চনৰ মাৰ্চ মাহৰ পৰা কোৰোনাৰ বাবে ভূটানৰ প্ৰৱেশ পথ সমূহ বন্ধ কৰা হয় আনিৰ্দিষ্ট কালৰ বাবে। ভূটানৰ প্ৰৱেশ দ্বাৰ সমূহ বন্ধ হৈ পৰাৰ লগে লগে ভাৰত ভূটান সীমান্তৰ দৰঙ্গামেলাত
ব্যাপক প্ৰভাৱ পৰিছে ।

ভূটীনীজ সকল ভাৰতত প্ৰৱেশ কৰিব নোৱাৰাত তেওঁলোকৰ ওপৰত ব্যৱসায় বাণিজ্য চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ প্ৰায় বন্ধ হৈ পৰিছে।

লক ডাউনৰ সময়ছোৱাত প্ৰায় দুবছৰ ধৰি ভূটীনীজ সকলে ভাৰতত প্ৰবেশ কৰিব নোৱাৰাত পূৰ্বত্তৰ ভূটানৰ চামদ্ৰুপ জংখাৰৰ গাতে লাগি থকা দৰঙামেলা অঞ্চলৰ প্ৰায় ব্যৱসায়িক প্ৰতিস্থান, সৰু বৰ দোকান পোহাৰ বন্ধ হৈ পৰিছে।

লগতে পঢ়কঃতিনিচুকীয়াত আটক চাৰিজন নগা দুধৰ্ষ উগ্ৰপন্থী

এই দোকান সমূহত কাম কৰা শ্ৰমিক সকল কৰ্মহীন হৈ পৰা দেখা গৈছে। খাদ্য-বস্ত্ৰৰ অভাৱত বহু শ্ৰমিকে কৰ্ম সংস্থাপন বিচাৰি গুজৰাট, কেৰেলা, মুম্বাই, দিল্লী আদিলৈ যাবলৈ বাধ্য হৈছে। আনকি শ্ৰমিক পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলে নিজৰ সোণালী শৈশৱক বিসৰ্জন দি বিদ্যালয় এৰি নিজৰ পিতৃ মাতৃৰ লগত কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন কৰিছে।

এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগিয়া হৈছে এই লোক সকলে। ভূটান সীমান্তৰ বৃহত্তৰ দৰঙ্গামেলা অঞ্চলৰ শশিপুৰ, এন কে দৰঙ্গা, দৰঙ্গামেলা, পাটকীজুলি, হৰতোলা, পাহাৰপুৰ, খৈৰেনী, চেচাপানী, কুমাৰীকাট, পানীটেংকী, বগাজুলি, নাগাপুৰ আদি অঞ্চলৰ শ শ শ্ৰমিকে ভূটান ৰাষ্ট্ৰ চামদ্ৰুপ জংখাৰত বিভিন্ন কোম্পানীত দৈনিক মজুৰি কৰি জীৱন নিৰ্বাহ কৰিছিল যদিও ভূটানৰ প্ৰৱেশ দ্বাৰ বন্ধ হৈ পৰাত দৈনিক মজুৰি কৰি পৰিয়াল পোহপাল দিয়া শ্ৰমিক পৰিয়াল সকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। কেতিয়া খুলিব ভূটানৰ প্ৰৱেশ দ্বাৰ তাকে লৈ এতিয়া চিন্তিত ভূটান সীমান্তবাসী ৰাইজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply