কোকৰাঝাৰঃ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতি।

কাইলৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন।

দেওবাৰে অন্ত পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ।

ইয়াৰ পিছতো প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহৰ সন্মুখত সহস্ৰাধিক লোক উপস্থিত হোৱাক কেন্দ্ৰ কৰি আৰক্ষীয়ে ১৪৪ ধাৰা ভংগৰ অভিযোগ কৰি সমবেত লোকক ছত্ৰভংগ দিবলৈ যাওঁতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

পূব কোকৰাঝাৰ সমষ্টিৰ ৰাইজৰ মাজত ধন বিলোৱাৰ অভিযোগ উত্থাপন হৈছে বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে।

আৰক্ষীয়ে ঘটনাস্থলীত দুজনক আটক কৰে আৰু ইয়াৰে এজন প্ৰমিলাৰ ব্যক্তিগত দেহৰক্ষী ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply