ৰূপহীহাট : পুনৰ এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে ৰূপহীহাটত। স্বামীৰ আক্ৰমণত নিহত হৈছে এগৰাকী মহিলা। তিনি সন্তানৰ মাতৃক হত্যা কৰিলে স্বামীয়ে।
নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত জৰথনী গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে প্ৰাণ ললে নিজ পত্নীৰ। তিনি সন্তানৰ মাতৃ মুৰ্শিদা খাতুনক গধূৰ বস্তুৰে আঘাত কৰি হত্যা কৰিলে স্বামী ৰফিকুল ইছলামে।
সোমবাৰে নিশা প্ৰায় ৩ বজাত নিজ পত্নীক হত্যা কৰি পলায়ন কৰিছিল যদিও আৰক্ষীয়ে আন এটা ঘৰত লুকাই থকা অৱস্থাত ৰফিকুলক ইছলামক আটক কৰিবলৈ সক্ষম হয়। ৰফিকুল ইছলামৰ পূৰ্বৰ দুজনী পত্নী থকাৰ পিছতো বিয়া পাতি আনিছিল মুৰ্শিদা খাতুনক।
লগতে পঢ়ক : যোগাভ্যাসৰ দ্বাৰা ৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠিল টীয়কৰ মৃদুপৱন
স্থানীয় একাংশ লোকে মুৰ্শিদা খাতুনৰ মৃতদেহ প্ৰত্যক্ষ কৰি ৰূপহীহাট আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।