নগাঁওঃ ইছলাম ধৰ্মক কলংকিত কৰিলে এগৰাকী মৌলবীয়ে। বহু বিবাহৰ বাবেই নিজ পত্নীক অকথ্য নিৰ্যাতন এগৰাকী মৌলবীৰ। নিজকে ধৰ্মগুৰু বুলি পৰিচয় দিয়া নগাঁৱৰ ইছলামপট্টিৰ ৰফিকুৰ ৰহমানে নিজ পত্নীক বাৰে বাৰে হত্যাৰ চেষ্টা চলাই আহিছে। পিছে কাৰণটো আচৰিত। ইছলামত হেনো বহু বিবাহ বাধ্যতামূলক। সেয়েহে নিজ পত্নীক তালাক দি পুনৰ বিবাহ কৰাব বিচাৰে মৌলবীগৰাকীয়ে।

কেৱল নিজ পত্নীকেই নহয় ৫বছৰীয়া সন্তানকো অকথ্য নিৰ্যাতন চলাই ভণ্ড মৌলবীগৰাকীয়ে। পত্নী আৰু কন্যা সন্তানক হত্যাৰ চেষ্টা কৰা ৰফিকুৰ ৰহমানক পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৰঙাঘৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু কাৰাগাৰৰ পৰা মুকলি হৈ এতিয়া পুনৰ পত্নী আৰু কন্যা সন্তানক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ৰফিকুৰৰ বিৰুদ্ধে।

ইফালে ন্যায় বিচাৰি হাবাথুৰি খোৱা ৰফিকুৰ ৰহমানৰ পত্নীক ন্যায় প্ৰদানৰ নামত উৎকোচ বিচাৰিছিল হাইদৰ আলী নামৰ নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক গৰাকীয়ে।

লগতে পঢ়কঃসোণাৰিত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply