ছয়গাঁওঃ দক্ষিণ কামৰূপৰ ছয়গাঁও ধেকেনাবড়ীত চাঞ্চল্যকৰ ঘটনা। শনিবাৰে নিশা ছয়গাঁও থানাৰ অন্তৰ্গত চাম্পুপাৰাৰ ভাউৰাভিঠাৰ চাহিদ আলীয়ে ভাতৃ ছফিকুল আলীৰ সৈতে ধেকেনাবড়ীৰ মাতৃৰ ঘৰত আশ্ৰয় লৈ থকা মমতাজ বেগমক অতৰ্কিতে প্ৰৱেশ কৰি চুৰিৰে আক্ৰমণ কৰে।

লগতে ভাড়াতীয়া হিচাপে থকা হাৰিয়ানাৰ ৰিচি সিং ৰাণা নামৰ যুৱকজনকো চুৰিৰে আক্ৰমণ কৰে। দুই ভাতৃয়ে উপৰ্যুপৰি আক্ৰমণ কৰি পলায়ণ কৰে যদিও পিছত আৰক্ষীয়ে কৰায়ত্ত কৰে।

পৰিয়ালৰ লোকৰ চিঞৰ বাখৰ শুনি চুবুৰীয়া লোক উপস্থিত হোৱাৰ পিছত ছয়গাঁও আৰক্ষীও উপস্থিত হৈ আঘাতপ্ৰাপ্ত দুয়োজনকে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। আনহাতে, দুই ভাতৃ বৰ্তমান ছয়গাঁও আৰক্ষীৰ জিম্মাত আছে।

হাৰিয়ানাৰ যুৱকৰ সৈতে পৰকীয়া প্ৰেমৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে ধাৰণা কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্ততহে প্ৰকৃত ৰহস্য ওলাই পৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply