কালগাছিয়া : পৰকীয়া প্ৰেমৰ বাবে পুনৰ প্ৰাণ গ’ল এগৰাকী পত্নীৰ। পৰকীয়া প্ৰেমৰ বাবে পত্নীক হত্যা কৰি স্বামীৰ পলায়ন। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কালগাছিয়াত। ২০ দিনীয়া সন্তান এৰি চিৰ দিনৰ বাবে গুচি গ’ল মাতৃ।

বৰপেটা জিলাৰ কালগাছিয়াত পৰকীয়া প্ৰেমৰ বাবে এগৰাকী পত্নী স্বামীৰ হাতত নিহত হোৱাৰ এক অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে বালাৰভিটা গাঁৱৰ আফাজ উদ্দীন নামৰ এজন লোকৰ কন্যা আজমিনা খাতুন বিবাহপাশত আৱদ্ধ হৈছিল আয়ুব মামুন নামৰ এজন যুৱকৰ লগত।

আয়ুব মামুনে বিয়াৰ পিছতো অন্য এগৰাকী যুৱতীৰ লগত প্ৰেমত লিপ্ত থকাৰ অভিযোগ আছিল। ইয়াকে কেন্দ্ৰ কৰি আয়ুব মামুন আৰু আজমিনাৰ মাজত প্ৰায়ে কাজিয়াৰ সৃষ্টি হৈছিল। আয়ুব মামুনে পত্নী আজমিনাৰ ওপৰত প্ৰায়ে নিৰ্যাতন চলাইছিল।

দেওবাৰে নিশাৰ ভাগত পুনৰ আয়ুব মামুন পত্নী আজমিনাক মাৰধৰ কৰে। আয়ুব মামুনে পত্নী আজমিনাক মাৰধৰ কৰাত আজমিনা মৃত্যুৰ মুখত পৰে। নিশা আয়ুব মামুনৰ পৰিয়ালৰ লোকে আজমিনাক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে আজমিনাক মৃত বুলি ঘোষণা কৰে।

লগতে পঢ়ক  : বিশ্ববিদ্যালয়ত গুলী চালনা : ৮ জন লোকৰ মৃত্যু, ১৪ জন আহত

ঘটনাৰ পিছৰে পৰা আয়ুব মামুন পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। ২০ দিনীয়া পুত্ৰ সন্তানক এই পৃথিৱীখনত অকলে এৰি আজমিনাই গুচি যোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। আজমিনাৰ পৰিয়ালৰ লোকে ন্যায় বিচাৰি দোষীৰ শাস্তিৰ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,346 other subscribers

Leave a comment

Leave a Reply