স্মৃতি প্ৰিয়া লাহন, টীয়কঃ দেশত দৈনন্দিন মূল্যবৃদ্ধিয়ে মাধমাৰ দিছে সাধাৰণ ৰাইজক। চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও জনসাধাৰণে আশাব্যঞ্জক ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। দেশৰ জিডিপি যিহেতু কমি আহিছে সেয়ে এতিয়া চৰকাৰে ইচ্ছা কৰিলেও মূল্যবৃদ্ধি ৰোধ কৰিবলৈ অসমৰ্থ হৈ পৰিছে।

এনেদৰে চলি থাকিলে অনাগত দিনবোৰত ভাৰতবৰ্ষ যে বৃহৎ অৰ্থনৈতিক সংকটত পৰিব সেয়া প্ৰায় নিশ্চিত বুলি সদৰি কৰি ১০ ঘন্টা অবিৰতভাৱে ভাষণ প্ৰদান কৰি অভিলেষ সৃষ্টি কৰা টীয়কৰ এগৰাকী সচেতন ব্যক্তি যতীন শইকীয়াই দেশৰ এই জিডিপি উৰ্ধগামী কৰাৰ ক্ষেত্ৰত প্ৰস্তুত কৰা এক পৰিকল্পনা দেশৰ জনগণ তথা চৰকাৰলৈ আগবঢ়োৱাৰ উদ্দেশ্যে সোমবাৰে টীয়কৰ উৎসৱ প্ৰকাশনত এখনি সংবাদমেল সম্বোধন কৰে।

সংবাদমেলখনত শইকীয়াই কয় যে- ”দেশত উপলব্ধ খনিজ তথা প্ৰাকৃতিক সম্পদৰ সমান্তৰালকৈ জলসম্পদ তথা সৌৰশক্তিকো জিডিপিৰ আওতালৈ আনিলে দেশৰ অৰ্থনীতি উন্নতি হ’ব। যিহেতু বৰ্তমান ডিজিটেল যুগ। সেয়ে ডিজিটেল পৃথিৱীত এয়া একো অসম্ভৱ নহয় আৰু এয়া কেৱল তেওঁ এক প্ৰস্তাৱ আগবঢ়াইছে ব্যক্তিগৰাকীয়ে।

লগতে এই বিষয়ত ভাৰত চৰকাৰৰ অৰ্থনীতিবিদ তথা অভিজ্ঞ ব্যক্তিসকলে চিন্তা কৰিলে দেশৰ উন্নতি হ’ব লগতে জনসাধাৰণেও ইয়াৰ সুফল লাভ কৰিব বুলি কয় তেওঁ। এই বিশেষ বিষয়টোৰ ওপৰত সকলোকে এবাৰ চিন্তা কৰি এই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি দেশৰ অৰ্থনীতি তথা জিডিপি বৃদ্ধিত অৰিহণা যোগাবলৈ আহ্বান জনাইছে যতীন শইকীয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply